বন্ধন বেংকৰ সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলিৰ ঘোষণা

944

বন্ধন বেংকে গুৱাহাটীত সৰ্ববৃহৎ কাৰেন্সি চেষ্ট গুৱাহাটীত মুকলি কৰাৰ ঘোষণা কৰিছে। এতিয়ালৈকে যিকোনো বেংকিং প্ৰতিষ্ঠানৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত মুকলি হোৱাৰ ভিতৰত এইটো সৰ্ববৃহৎ কাৰেন্সি চেষ্ট। এইটো এই বেংকৰ দ্বিতীয়টো কাৰেন্সি চেষ্ট। কাৰেন্সি চেষ্টে অঞ্চলটোৰ বেংকৰ শাখা আৰু এটিএমৰ বাবে নগদ ব্যৱস্থাপনাত সহায় কৰিব। কাৰেন্সি চেষ্টে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিত্তীয় ইক’চিষ্টেমক মুদ্ৰা নোটৰ যোগানৰ সৈতে সহায় কৰিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যবাহী সঞ্চালক জোছ জে কাট্টুৰ; ভাৰতীয় ৰিজাৰ্ভ বেংক  গুৱাহাটীৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আঞ্চলিক সঞ্চালক সঞ্জীৱ সিংহ আৰু বন্ধন বেংকৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল গুৱাহাটীত কাৰেন্সি চেষ্টৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। অসমত বন্ধন বেংকৰ বৰ্তমান গ্ৰাহকৰ আধাৰ প্ৰায় ২৬ লাখ।

৪৭২ টাতকৈও অধিক বেংকিং আউটলেটৰ নেটৱৰ্কৰ জৰিয়তে এই বেংকে অসমৰ লোকসকলৰ বেংকিং প্ৰয়োজনীয়তা পূৰণ কৰে। বেংকে চলিত বিত্তীয় বৰ্ষত সমগ্ৰ ভাৰতত ৫৫০ তকৈও অধিক নতুন শাখা মুকলি কৰিব, যাৰ ভিতৰত ২০ টা অসমত মুকলি হ’ব। বন্ধন বেংকৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া চি এছ ঘোষে এই সন্দৰ্ভত মন্তব্য কৰি কয়, “এই কাৰেন্সি চেষ্ট মুকলি কৰাটো অসম আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ।’