কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচজনক। চিআইডিৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত আজি তেওঁলোকক হাজিৰ কৰোৱা হয় আদালতত।আৰক্ষীৰ বাধাকো নেওচি ‘জয় জুবিন দা’ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে একাংশ লোকে। লগে লগে শিলগুটি আৰু জোতা-চেণ্ডেল নিক্ষেপ কৰে বাহনলৈ। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱা কেবাজনকো আটক কৰা বুলি জানিব পৰা গৈছে। নিৰাপত্তাজনিত কাৰণত তেওঁলোকক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নাৰাখি বাক্সা জিলাত দুমাহ পূৰ্বে উদ্বোধন কৰা নতুন কাৰাগাৰখনলৈ লৈ যোৱা হয়। এই কাৰাগাৰত নাছিল কোনো কাৰাবন্দী। শ্য়ামকানু মহন্তহঁতক লৈ যোৱা বাহনখনে কাৰাগাৰত প্ৰৱেশ কৰাৰ সময়তেই একাংশ লোকে শিলগুটি নিক্ষেপ কৰা দেখা যায়। এই ঘটনাত সাংবাদিকসহ কেবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
