বীমা-এএছবিএ সুবিধা আগবঢ়োৱা প্ৰথম বীমাকৰ্তালৈ পৰিগণিত বাজাজ এলিয়াঞ্জ লাইফ

7

দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফে বীমা- এপ্লিকেচন ছাপৰ্টেড বাই ব্লকড এমাউণ্ট সুবিধা (বীমা-এএছবিএ)ৰ সৈতে এপ্লিকেচন সমৰ্থিত ব্লকড এমাউণ্ট সুবিধা(বিমা-এএছবিএ) আগবঢ়োৱা প্ৰথমটো কোম্পানীলৈ পৰিগণিত হৈছে। এই মাইলৰ খুঁটি ভাৰতৰ বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ(আই আৰডিএআই)ৰ পদক্ষেপৰ সৈতে সংগতি আছে যাতে কাৰ্যকৰী সহজতা অনা, পলিচিধাৰীৰ সুবিধা বৃদ্ধি, অধিক স্বচ্ছতা নিশ্চিত কৰা আৰু বীমা প্ৰিমিয়াম পৰিশোধ প্ৰক্ৰিয়া সৰল কৰিব পৰা যায়।

প্ৰিমিয়াম পেমেণ্ট মসৃণ আৰু গ্ৰাহকৰ অনুকূল কৰি তোলাৰ ক্ষেত্ৰত বীমা-এএছবিএ এক উল্লেখযোগ্য পদক্ষেপ। বাজাজ এলিয়াঞ্জ লাইফে নিজৰ পেমেণ্ট পাৰ্টনাৰৰ সৈতে অংশীদাৰিত্বৰে এই প্ৰক্ৰিয়া সফলতাৰে আৰম্ভ কৰিছে। বাজাজ এলিয়াঞ্জ লাইফৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া তৰুণ চুগে এই কথা সদৰি কৰি কয় যে, “২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমা’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আইআৰডিএআই-এ গ্ৰাহকৰ সুবিধাৰ বাবে স্বচ্ছতা, বিশ্বাস আৰু ডিজিটাইজেচন বৃদ্ধিৰ দিশত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।

এই ব্যৱস্থাবোৰ বীমা পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰি গ্ৰাহকসকলক অধিক লাভান্বিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। আমি বীমা-এএছবিএক এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে স্বাগতম জনাইছোঁ।” এই পদক্ষেপৰ শুভাৰম্ভণিৰ জৰিয়তে বাজাজ এলিয়াঞ্জ লাইফে গ্ৰাহক-কেন্দ্ৰিক বীমাকৰ্তা হিচাপে নিজৰ স্থিতি শক্তিশালী কৰিছে, এক নিৰ্বিঘ্ন বীমা যাত্ৰাৰ বাবে ডিজিটেল-প্ৰথম উদ্ভাৱন অব্যাহত ৰাখিছে।