গ্ৰামাঞ্চলত জীৱন বীমা সম্প্ৰসাৰিত কৰিবলৈ কভাৰফক্সৰ সৈতে সহযোগিতা বাজাজ এলিয়াঞ্জ লাইফ আৰু চেটিন ক্ৰেডিটকেয়াৰৰ

314

বাজাজ এলিয়াঞ্জ লাইফ আৰু চেটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডে ভাৰতৰ গ্ৰামাঞ্চলত বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ লক্ষ্যৰে সহযোগিতা কৰিছে। ডিজিটেল সক্ষমতাৰ ক্ষেত্ৰত অগ্ৰণী প্ৰতিষ্ঠান বীমা ব্ৰকাৰ কভাৰফক্সৰ সহযোগত এই অংশীদাৰিত্বৰে দূৰৱৰ্তী অঞ্চলসমূহত জীৱন বীমাৰ সুবিধা সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিছে। এই কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে চেটিন ক্ৰেডিটকেয়াৰৰ গ্ৰাহকসকলে এতিয়া দেশৰ ১,৩৮৬টা শাখাত বাজাজ এলিয়াঞ্জ লাইফৰ অনুকূলিত বীমা আঁচনিৰ সৈতে নিজৰ ঋণ সুৰক্ষিত কৰিব পাৰে। ইয়াৰ ফলত গ্ৰাহকসকলক যিকোনো দুৰ্ভাগ্যজনক ঘটনাৰ ক্ষেত্ৰত মানসিক শান্তি-শক্তি আৰু পৰিয়ালসমূহক বিত্তীয় সুৰক্ষা প্ৰদান কৰিব। ই বীমা ক্ৰয়, বিক্ৰী আৰু সেৱাৰ সহজতা আৰু সুবিধাৰ বাবে কভাৰফক্সৰ প্ৰযুক্তিগত আন্তঃগাঁথনিক ডিজিটেলভাৱে ব্যৱহাৰ কৰিব।

বাজাজ এলিয়াঞ্জ লাইফৰ প্ৰতিষ্ঠানিক মুখ্য বিতৰণ বিষয়া ধিৰাজ চেহগলে এই অংশীদাৰিত্বৰ বিষয়ে সদৰি কৰি কয় যে, “কভাৰফক্সৰ সৈতে বাজাজ এলিয়াঞ্জ লাইফ, চেটিন ক্ৰেডিটকেয়াৰে সহযোগিতামূলকভাৱে দক্ষতাৰে ভিত্তিত প্ৰস্তুত কৰা বিত্তীয় সুৰক্ষা প্ৰদান আৰু গ্ৰাহকসকলক নিজৰ লক্ষ্যত উপনীত হ’বলৈ আৰু আমাৰ লক্ষ্যপ্ৰাপ্তি সক্ষম কৰাৰ বাবে সমৰ্পিত।” চেটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেডৰ অধ্যক্ষ তথা সহকাৰী পৰিচালন সঞ্চালক এইচ পি সিঙে এই সহযোগিতাৰ বিষয়ে উত্সাহ প্ৰকাশ কৰি কয় যে, “আমি বাজাজ এলিয়াঞ্জ লাইফ আৰু কভাৰফক্সৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰি আনন্দিত হৈছো কাৰণ ইয়াৰ জৰিয়তে উমৈহতীয়া এক পৰিৱৰ্তনশীল যাত্ৰাৰ আৰম্ভণি হৈছে। এই সহযোগিতাৰ ফলত আমাৰ গ্ৰাহকসকলে জীৱনৰ অনিশ্চয়তাক নেভিগেট কৰি একেলগে মানদণ্ডসমূহ পুনৰ সংজ্ঞায়িত কৰিবলৈ আৰু গ্ৰাহককেন্দ্ৰিক উদ্ভাৱনত নতুন বেঞ্চমাৰ্ক নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছোঁ।”

কভাৰফক্স গ্ৰুপ অৱ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীৱ ঝাই এই বিষয়ে কয় যে, “প্ৰযুক্তিৰ সহায়ত সহজে অনবোৰ্ডিং আৰু বাৰ্তালাপৰ জৰিয়তে দেশৰ গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলসমূহৰ গ্ৰাহকসকলক শক্তিশালী কৰিব।” তেওঁ দৃঢ়তাৰে কয় যে, মাইক্ৰ’-ফাইনেঞ্চ উদ্যোগত এই সহযোগিতাই উদ্ভাৱন আৰু অধিক শক্তিশালী কৰি অতুলনীয় মূল্য প্ৰদান কৰিব।”