দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত সাধাৰণ বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে আগবঢ়াইছে ‘আপোনাৰ বাবে’—অসমৰ বাসিন্দাসকলৰ নিৰ্দিষ্ট স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিখুঁতভাৱে প্ৰস্তুত কৰা এক অগ্ৰণী স্বাস্থ্য বীমা সামগ্ৰী। ই কেৱল স্বাস্থ্য পৰিকল্পনাই নহয়, আপোনাৰ বাবে অসমৰ জনসাধাৰণৰ প্ৰতি এক দায়বদ্ধতা, ৰাজ্যৰ অনন্য চিকিৎসা পৰিৱেশৰ অনুকূল সমাধানৰ সৈতে গুণগত স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰা। স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বান, খৰচ আৰু চিকিৎসাৰ উপলব্ধতা অঞ্চলভেদে ভিন্ন বুলি উপলব্ধি কৰাৰ লগে লগে বাজাজ এলিয়াঞ্জে জেনেৰিক, এক ধৰণৰ সকলোৰে বাবে উপযোগী সমাধানৰ পৰিৱৰ্তে ব্যক্তিগতকৃত বীমাৰ সুবিধা প্ৰদান কৰিবলৈ ‘আপোনাৰ বাবে’ক বিকশিত কৰিছে। চিকিৎসালয়ৰ আন্তঃগাঁথনি আৰু সুলভ মূল্যৰ কথা মনত ৰাখি অসমৰ সৰ্বসাধাৰণে প্ৰয়োজনীয় সুৰক্ষা লাভ কৰাটো নিশ্চিত কৰিবলৈ এই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
আপোনাৰ বাবে স্বাস্থ্য বীমা পৰিকল্পনাই আন্তঃৰোগীৰ চিকিৎসালয়ত ভৰ্তি, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে আৰু পিছৰ খৰচ আৰু ডে কেয়াৰ(বহিঃ বিভাগ) চিকিত্সাকে ধৰি বিস্তৃত সুবিধা প্ৰদান কৰে। ইয়াৰ লগতে ৰবটিক অস্ত্ৰোপচাৰ আৰু ষ্টেম চেল থেৰাপীৰ দৰে উন্নত চিকিৎসাও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত পলিচিধাৰকসকলে আধুনিক চিকিৎসা সেৱাৰ সুবিধা লাভ কৰাটো নিশ্চিত হয়। উন্মোচনী অনুষ্ঠানত এই কথা সদৰি কৰি বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সৰ এমডি এণ্ড চিইঅ’ ডাঃ তপন সিংঘেলে কয় যে, “ভাৰতৰ বৈচিত্ৰ্যই এই পৰিকল্পনাৰ সৰ্বোচ্চ শক্তি আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। আপোনাৰ বাবে—ইঞ্চুৰেন্স মেড ফৰ ইউ—আমি প্ৰতিখন ৰাজ্যৰ অনন্য চিকিৎসা পৰিৱেশ তন্ত্ৰৰ লগত খাপ খুৱাই স্বাস্থ্য বীমাক পুনৰ সংজ্ঞায়িত কৰিছোঁ।”
অপনাৰ বাবে বীমাক আৰু অধিক সুলভ কৰি তুলিবলৈ বাজাজ এলিয়াঞ্জে পৰিয়ালৰ কভাৰেজ, ল’য়েলিটি বেনিফিট আৰু প্ৰত্যক্ষ অনলাইন ক্ৰয়ৰ বাবে বিশেষ ৰেহাই প্ৰদান কৰে। ইয়াৰ উপৰিও www.bajajallianz.comত অনলাইন আৰু বাজাজ এলিয়াঞ্জ ‘কেয়াৰিংলি ইয়ৰছ’ মোবাইল এপতো সবিশেষ উপলব্ধ।
