বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সৰ গ্ল’বেল বীমা উৎকৃষ্ট বঁটা ঘোষণা

6

ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত সাধাৰণ বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে সমগ্ৰ এছিয়া, মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সাধাৰণ বীমা আৰু স্বাস্থ্য বীমা এডভাইজৰ(উপদেষ্টা)সকলৰ অসাধাৰণ অৱদানক উদযাপন আৰু সন্মান জনোৱাৰ লক্ষ্যৰে গ্ল’বেল ইঞ্চুৰেন্স এক্সেলেন্স এৱাৰ্ডছ (জিআইইএ) ঘোষণা কৰিবলৈ পাই অতিশয় আনন্দিত হৈছে। উদ্যোগটোৰ বিশ্বাসযোগ্য নাম এছিয়া বীমা ৰিভিউ(এআইআৰ)ক ২০২৫ বৰ্ষৰ বাবে সন্মানীয় বঁটাসমূহৰ তদাৰক আৰু ব্যৱস্থাপনাৰ বাবে নিৰ্বাচিত কৰা হৈছে, যিয়ে এই অনুষ্ঠানত অধিক বিশ্বাসযোগ্যতা আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞতা যোগ কৰিছে।

বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বীমা উদ্যোগৰ ব্যতিক্ৰমী উপদেষ্টাসকলক ১১টা সুকীয়া শাখাত বঁটা প্ৰদান কৰি সন্মান জনোৱা হ’ব।

জিআইইএ বঁটা ২০২৫-ৰ বাবে নিজকে বা আপুনি জনা যিকোনো এজন এডভাইজৰক মনোনীত কৰিবলৈ মনোনয়ন প্ৰ-পত্ৰখন অনলাইনত পূৰণ কৰক, যি https://www.asiainsurancereview.com/giea2025/ ৱেবচাইটত উপলব্ধ। জিআইইএ বঁটা ২০২৫ৰ কথা সদৰি কৰি বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সৰ এমডি তথা চিইঅ’ তপন সিঙেলে কয় যে, “এছিয়া বীমা ৰিভিউৰ বিশ্বব্যাপী দক্ষতা আৰু খ্যাতিয়ে জিআইইএ বঁটাসমূহলৈ অতুলনীয় বিশ্বাসযোগ্যতা আনিছে।” নিজৰ বক্তব্য ৰাখি এছিয়া ইঞ্চুৰেন্স ৰিভিউৰ মুখ্য কাৰ্যবাহী বিষয়া শীলা চুপ্পিয়াই কয় যে, “এছিয়া ইঞ্চুৰেন্স ৰিভিউ এই গতিশীল বিকাশৰ অংশ হ’বলৈ পাই আনন্দিত আৰু এই আকৰ্ষণীয় প্ৰচেষ্টাত আমাক জড়িত কৰাৰ বাবে বাজাজ এলিয়াঞ্জক ধন্যবাদ জনাইছোঁ।”