২০২৬ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোতে দেশৰ সাধাৰণ জনতাৰ বাবে আহিছে এক তীব্ৰ অৰ্থনৈতিক মোক্ষম। কেন্দ্ৰীয় চৰকাৰে পাইপ প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস কৰাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত অভূতপূৰ্ব বৃদ্ধি ঘটাইছে। বিশেষকৈ যোৱা ২৮ মাহৰ ভিতৰত এয়া হৈছে গেছ চিলিণ্ডাৰৰ সৰ্বাধিক মূল্যবৃদ্ধি। ইয়াৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰ মাহত এনেদৰে একাদিক্ৰমে গেছৰ দাম বৃদ্ধি কৰা হৈছিল।
ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ তথ্য অনুসৰি, দেশৰ চাৰিখন মহানগৰৰ ভিতৰত তিনিখনত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১১ টকাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১,৬৯১.৫০ টকাত উপনীত হৈছে, যিটো যোৱা জুন মাহৰ পাছত সৰ্বাধিক। একেদৰে কলকাতাত ১,৭৯৫ টকা আৰু মুম্বাইত ১,৬৪২.৫০ টকালৈ দাম বৃদ্ধি পাইছে। দক্ষিণ ভাৰতৰ চেন্নাইত চিলিণ্ডাৰৰ দাম ১১০ টকা বৃদ্ধি পাই ১,৮৪৯.৫০ টকা হৈছে।
আনহাতে, গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১১ টকা বৃদ্ধি পোৱাৰ ফলত বৰ্তমানৰ দাম ১,৮৮৬.৫০ টকা হৈছে। উল্লেখযোগ্য যে, ২০২৩ চনৰ নৱেম্বৰ মাহৰ পাছত এয়াই প্ৰথমবাৰৰ বাবে ১০০ টকাতকৈ অধিক মূল্যবৃদ্ধি। এই পদক্ষেপে হোটেল-ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত বোজা জাপি দিব বুলি আশংকা কৰা হৈছে।
অৱশ্যে বাণিজ্যিক গেছৰ দাম বৃদ্ধি পালেও ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৰ্তমান অপৰিৱৰ্তিত ৰখা হৈছে। দিল্লীত ঘৰুৱা গেছৰ চিলিণ্ডাৰ ৮৫৩ টকা আৰু গুৱাহাটীত ৯০২ টকাতে স্থিৰ আছে। জানিব পৰা মতে, ২০২৫ চনৰ এপ্ৰিল মাহৰ পাছত ঘৰুৱা গেছৰ মূল্যত কোনো নতুন সালসলনি কৰা হোৱা নাই। বছৰটোৰ আৰম্ভণিতে হোৱা এই মূল্যবৃদ্ধিয়ে সাধাৰণ গ্ৰাহকৰ বাজেটত প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে।
