ডিজিটেল ডেস্কঃ হায়দৰাবাদত চোৰ বুলিলে বিনোদ কুমাৰক নিচিনা কোনো নাই। চোৰৰ ৰজা বিনোদ কুমাৰ আৰক্ষী-প্ৰশাসনৰ বাবেও মূৰৰ কামোৰণি। তেলেংগানা আৰক্ষীৰ ‘মষ্ট ৱাণ্টেড’ৰ তালিকাত থকা গভাইত চোৰ বিনোদ কুমাৰে বি টেকৰ শিক্ষা আধৰুৱা কৰি চুৰি বৃত্তি গ্ৰহণ কৰিছিল আৰু অতি কম দিনৰ ভিতৰতে এজন কুখ্যাত চোৰ হৈ পৰিছিল।
কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰিল চোৰ বিনোদ। দীৰ্ঘ দিনৰ পৰা খাপ পিটি আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিনোদন। আৰক্ষীয়ে বিনোদৰ পৰা ১৭ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ আৰু প্ৰায় ডেৰ লাখ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বিনোদৰ চুৰি কাৰ্যৰ সহযোগী ৰাজেশকো গ্ৰেপ্তাৰ কৰিছে যদিও আন এজন ছাকিল নামৰ কুখ্যাত চোৰ এতিয়াও পলাতক।
আৰক্ষীয়ে সদৰি কৰা মতে, ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত বিনোদ কুমাৰে ৪২টা চুৰি আৰু ডকাইটি কাণ্ড সংঘটিত কৰিছে। ২০১৫, ২০১৭ আৰু ২০১৯ চনত তিনিবাৰকৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰো হৈছিল বিনোদ। কিন্তু প্ৰতিবাৰেই জামিনত মুক্তি লাভ কৰি পুনৰ চুৰি বৃত্তিৰ সৈতে জড়িত হৈ পৰিছিল এইজন দাগী চোৰ। শেহতীয়াকৈ চলিত বৰ্ষৰ জানুৱাৰীত জেলৰ পৰা বাহিৰ হৈছিল বিনোদ। কিন্তু জেলৰ পৰা ওলায়েই যোৱা ৯ মাহত ৮টাকৈ চুৰি কাণ্ড সংঘটিত কৰিছে বিনোদ চোৰে।