দুই প্ৰাক্তন সাংসদৰ উপস্থিতিত আজাৰাত বিজেপিৰ মহিলা মৰ্চাৰ আন্তজাৰ্তিক নাৰী দিৱস পালন ; দহ গৰাকী মহিলাক সম্বৰ্ধনা

22

মহিলাৰ মাজত সামাজিক আৰু ৰাজনৈতিক সচেতনা বৃদ্ধিৰ লক্ষ্যৰে বিজেপিৰ জালুকবাৰী বিধানসভা সমষ্টিৰ চাৰিটা মণ্ডল সমিতি ক্ৰমে – বিমানকোঠ , বিশ্ববিদ্যালয় , জালুকবাৰী আৰু উত্তৰ গুৱাহাটীৰ মহিলা মৰ্চাৰ যৌথ উদ্যোগত আজাৰা ৰাজহুৱা সভাঘৰত  আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদদ্বয় বিজয়া চক্ৰৱৰ্তী আৰু কুইন ওজাই ভাষণ প্ৰসংগত  অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰৰ দিনত দেশত মহিলাৰ সবলীকৰণৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল বুলি সদৰি কৰি ২০১৪ চনত শাসনলৈ অহাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাক নতুন মাত্ৰা দিয়া বুলি তথ্য সহকাৰে উল্লেখ কৰে।

দুয়োজনে নিজৰ ৰাজনৈতিক অভিজ্ঞতাৰ আলোকপাত কৰি উপস্থিত মহিলা সকলক সমৰ্পিত মনোভাবেৰে দলৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত বিজেপিৰ বিমানকোঠ মণ্ডলৰ সভাপতি তীৰ্থ মেধি , বিশ্ববিদ্যালয় মণ্ডলৰ সভাপতি চিন্ময় শৰ্মা, জালুকবাৰী মণ্ডলৰ সভাপতি পিয়াল শংকৰ দে, উত্তৰ গুৱাহাটী মণ্ডলৰ সভাপতি সুৰঞ্জন বৰুৱাকে ধৰি কেবাজনো কৰ্মকৰ্তা, মহিলা মৰ্চাৰ সভানেত্ৰী – সম্পাদিকাকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু চাৰিটা মণ্ডলৰ পৰা অহা পাঁচ শতাধিক মহিলা কাৰ্যকৰ্তা উপস্থিত আছিল। অনুষ্ঠানত সমাজলৈ আগবঢ়াই অহা অনবদ্য অৱদানৰ বাবে ১০ গৰাকী নিমন্ত্ৰিত মহিলাক সম্বৰ্ধনা জনোৱা হয়।