মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওত থকা সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ) ৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ত আজি দিনযোৰাকৈ পেন্সন আদালত অনুষ্ঠিত হয়। সিদিনা পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হোৱা পেন্সন আদালত উদ্ধোধন কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় গৌৰে।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰসংগত সঞ্জয় গৌৰে পেন্সন আদালতত বি এছ এফৰ পেন্সনধাৰী বা পৰিয়াল পেন্সন লাভ কৰা সকলৰ আসোঁৱাহ আছে তেওঁলোকৰ সেই আসোঁৱাহ সমুহ থিতাতে নিষ্পত্তি হব বুলি আশা ব্যক্ত কৰে। আনহাতে পেন্সন আদালতত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বি এছ এফৰ কেবা শতাধিক পেন্সনাৰ , আৰু পৰিয়াল পেন্সন লাভ কৰা বহু মহিলাসহ সদস্য উপস্থিত থাকে।
আনহাতে আদালতত বেছিভাগ আসোঁৱাহ থিতাতে নিষ্পত্তি কৰা হয় । উল্লেখ্য যে গুৱাহাটী ফ্ৰন্টিয়াৰ কৰ্তৃপক্ষই পেন্সন আদালতত উপস্থিত থকাৰ সহায়ক হোৱাকৈ গুৱাহাটীৰ বাহিৰৰ পৰা অহা সকলৰ বাবে গুৱাহাটী আৰু কামাখ্যা ৰেল ষ্টেচন, আই এছ বি টিৰ পৰা পৰিবহণ সেৱাৰ সুবিধা প্ৰদান কৰে।