মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত, ৰাজ্যিক মালিকানাধীন পাৱাৰ ফাইনেন্স কৰ্পোৰেচন (পিএফচি), ভাৰতৰ শক্তি খণ্ডৰ আগশাৰীৰ এনবিএফচিয়ে শক্তি দক্ষতা অভিযান চলাই ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰে। এই অভিযানবোৰ দুটা স্থানত পৰিচালনা কৰা হৈছিল – ৪০ মেগাৱাট নতুন উমট্ৰু জলবিদ্যুৎ প্ৰকল্প (পিএফচিৰ দ্বাৰা পুঁজি যোগান ধৰা) আৰু মেঘালয়ৰ বাইৰনিহাট পৰিদৰ্শন বুংলো।
পিএফচিৰ সঞ্চালক (বাণিজ্যিক) আৰু অতিৰিক্ত দায়িত্ব সঞ্চালক (প্ৰকল্প) শ্ৰী প্ৰবীণ কুমাৰ সিঙৰ সৈতে পিএফচিৰ চিএমডি শ্ৰী ৰবীন্দ্ৰ সিং ধিলনে স্থানীয় সম্প্ৰদায়ৰ শিশুসকলক প্ৰায় ২৫০ টা এলইডি বাল্ব বিতৰণ কৰে। অনুষ্ঠানটোত এমইপিচিএল আৰু পিএফচিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কাৰ্যবাহী সঞ্চালক (চিএছআৰ আৰু পিআৰ) শ্ৰী আৰ ৰহমানও উপস্থিত আছিল। মুখ্য মহাপ্ৰৱন্ধক (পিআৰ) শ্ৰী এছ এছ ৰাৱে কয়, শেহতীয়াকৈ পিএফচিয়ে ‘আজাদিকা অমৃতমহোৎসৱ’ৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান পৰিচালনা কৰিছে।
সেউজ শক্তিৰ প্ৰতি পিএফচিৰ প্ৰতিশ্ৰুতিঅনুসৰি, মেঘালয়ৰ ৰিভোই অঞ্চলৰ স্থানীয় সম্প্ৰদায়ৰ শিশু আৰু মহিলাসকলৰ বাবে সজাগতা অভিযানৰ আয়োজন কৰা হৈছিল যাৰ লক্ষ্য আছিল তেওঁলোকক সজাগ কৰা যে কেনেদৰে এলইডিৰ ব্যৱহাৰে শক্তিৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস কৰিব পাৰে আৰু তেওঁলোকৰ বিদ্যুতৰ বিল হ্ৰাস কৰি ধন ৰাহি কৰিব পাৰে।
