‘এক্সিছ নিফটি ৫০০ ইণ্ডেক্স ফাণ্ড’ মুকলি কৰাৰ কথা ঘোষণা  এক্সিছ মিউচুৱেল ফাণ্ডৰ

94

এক্সিছ মিউচুৱেল ফাণ্ডে নতুন ফাণ্ড অফাৰ -এক্সিছ নিফটি ৫০০ ইণ্ডেক্স ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই অপেন-এণ্ডেড ইণ্ডেক্স(মুকলি সূচকাংক পুঁজি)ৰ জৰিয়তে নিফটি ৫০০ মুঠ ৰিটাৰ্ন সূচকাংক(টিআৰআই)ৰ প্ৰদৰ্শনৰ প্ৰতিলিপি বা অনুৰূপ ফলাফল প্ৰদৰ্শনৰ লক্ষ্য লোৱা হৈছে, যিয়ে বিনিয়োগকাৰীসকলক নেচনেল ষ্টক এক্সচেঞ্জ (এনএছই)ত তালিকাভুক্ত ভাৰতৰ শীৰ্ষ ৫০০ কোম্পানীৰ বিস্তৃত এক্সপজাৰ প্ৰদান কৰে।

২০২৪ৰ ২৬ জুনত মুকলি হ’বলগীয়া এই নিউ ফাণ্ড অফাৰ (এনএফঅ’) ২০২৪ চনৰ ০৯ জুলাইলৈকে উপলব্ধ হ’ব। এই ফাণ্ড পৰিচালনা কৰিব কাৰ্তিক কুমাৰ আৰু শচীন ৰেলেকাৰে। নূন্যতম বিনিয়োগ ১০০ টকা আৰু ১/- টকা বৃদ্ধি কৰিব পাৰিব। ১৫ দিনৰ ভিতৰত ৰিডিম হ’লে এক্সিট লোড ০.২৫% আৰু যদি ৰিডিম/চুইটছ আউট হয় তেন্তে আবণ্টনৰ দিনটোৰ পৰা ১৫ দিনৰ পিছত শূন্য(নিল) হৈ পৰে।

দেশৰ দ্রুত অর্থনৈতিক বিকাশ আৰু ২০২৭ৰ ভিতৰত তৃতীয় বৃহত্তম অৰ্থনৈতিক দেশ হোৱাৰ প্ৰচুৰ সম্ভাৱনাই বিনিয়োগৰ যথেষ্ট সুযোগ আনি দিছে৷ নিফটি ৫০০ ইণ্ডেক্সে বিস্তৃত পৰিসৰৰ কোম্পানীয়ে বিনিয়োগকাৰীসকলক ভাৰতীয় ইকুইটি বজাৰত বৈচিত্ৰ্যপূৰ্ণ এক্সপ’জাৰ প্ৰদান কৰে। এক্সিছ নিফটি ৫০০ ইণ্ডেক্স ফাণ্ডে খৰচৰ পূৰ্বে ৰিটাৰ্ন প্ৰদান কৰে, যি ট্ৰেকিং ত্ৰুটি সাপেক্ষে ইণ্ডেক্সৰ মুঠ ৰিটাৰ্নৰ সৈতে নিকটভাৱে সংগতি ৰাখে। এক্সিছ এএমচিৰ এমডি আৰু চিইঅ’ বি গোপকুমাৰে এই বিষয়ে কয় যে, “আমি বিশ্বাস কৰোঁ যে এই পুঁজিৰ বহল-ভিত্তিক পদ্ধতিৰ লগতে বহনক্ষম দীৰ্ঘম্যাদী লাভৰ সম্ভাৱনাই দীৰ্ঘম্যাদীভাৱে সম্পদ সৃষ্টিৰ বাবে এক শক্তিশালী সোপান হিচাপে কাম কৰিব, যাৰ ফলত নতুন আৰু অভিজ্ঞ বিনিয়োগকাৰী উভয়ৰে বাবে আকৰ্ষণীয় বিকল্প ৰূপে পৰিগণিত হ’ব।”