ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম মহিলা অভিযন্তা সংস্থা ( WEFA) ই সময়ে সময়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিক্ষানুষ্ঠান সমূহত ছাত্ৰী সকলৰ মাজত কাৰিকৰী শিক্ষাৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে ১৩ ছেপ্টেম্বৰত সংস্থাৰ উদ্যোগত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সংস্থা “নীড়“ৰ সহযোগত বিদ্যালয়খনৰ ছাত্ৰী সকলৰ উদ্দেশ্যে “কাৰিকৰী আৰু বৃত্তিগত শিক্ষাৰ ইতিবাচক দিশ” শীৰ্ষক এখন সজাগতা সভা ৷ সভাত বিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে অসম মহিলা অভিযন্তা সংস্থা , “নীড়“ৰ কেইবাগৰাকী জ্যেষ্ঠ সদস্যাৰ লগতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলো উপস্থিত থাকে ৷ আনহাতে পুৱা ৯ বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশন কৰা বিদ্যালয়ৰ প্ৰতীক সঙ্গীতৰ পিছতে সম্বৰ্দ্ধনা কাৰ্য্যসূচীৰে সভাৰ শুভাৰম্ভ কৰা হয় ৷
সভাৰ আৰম্ভণিতে অসম মহিলা অভিযন্তা সংস্থাৰ সদস্যা ,যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্যা ডঃ ৰীতা শৰ্মাই সভাৰ উদ্দেশ্য বাখ্যা কৰে আৰু বিদ্যালয়খনৰ অধ্যক্ষা সান্তনা গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়ায় “নীড়“ৰ উপদেষ্টা ডঃ নিৰ্মলা শৰ্মাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনত মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী অভিযন্তা মৃদুলা দাস , সম্পাদিকা অন্তৰা বৰুৱা, এলিজা বেগম , ডঃ ৰীতা শৰ্মা, গীতিমালা বৈশ্য , উৎপলা ৰায়চৌধুৰী,ডঃ নীলাঞ্জনা বৰুৱা , কৃষ্ণা শৰ্মা আৰু মঞ্জুলা শইকীয়াকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে । মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী অভিযন্তা মৃদুলা দাসে ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰাৰ পাছত সংস্থাৰ এগৰাকী সদস্যা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অভিযন্তা মঞ্জুলা শইকীয়া ভূঞাই কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ ইতিবাচক দিশৰ ওপৰত পুঙ্খানুপুঙ্খভাৱে এক বিশ্লেষণেৰে শিক্ষাৰ্থী সকলৰ বাবে অতি উপযোগী এক পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন আগবঢ়ায়।
আনহাতে সভাত অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, গুৱাহাটীৰ গাৰ্লছ পলিটেকনিকৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰীতা ৰাজখোৱাই তেওঁৰ স্বামী , অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব , অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল জ্যোতি প্ৰসাদ ৰাজখোৱাৰ ৰচিত আৰু লিখা ৩২ খন মূল্যবান গ্ৰন্থ , সংস্থাৰ প্ৰাক্তন সভানেত্ৰী ডঃ বিভা দাস শইকীয়াই তেওঁৰ স্বামী, কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰঞ্জন শইকীয়াই লিখা ৩ খন গ্ৰন্থ আৰু বৰ্তমানৰ সভানেত্ৰী মৃদুলা দাসে লিখা ৫ খন গ্ৰন্থ বিদ্যালয়খনৰ পুথিভঁৰালৰ বাবে দান কৰি বিদ্যালয়ৰ অধ্যক্ষাৰ হাতত অৰ্পন কৰে ৷
