মোৰাঝাৰ আৰক্ষী থানাত সজাগতা সভা

124

দেশত অতি প্ৰয়োজনীয় তিনিখন নতুন ফৌজদাৰী আইন প্ৰৱৰ্তন হব৷ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা ,ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনি আইন সন্দৰ্ভত মোৰাঝাৰ আৰক্ষী থানাত এখন সজাগতা সভা হৈ যায় I

আজিৰে পৰা সমগ্ৰ দেশতে পুৰনি IPC আইনৰ সলনি নতুন আইন বলবৎ হ’ব৷ এই উপলক্ষে দিনৰ ১১ বজাত আৰক্ষী থানা চৌহদত হোৱা  সজাগতা সভাত নতুন আইন সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ  হোজাই জিলা অতিৰিক্ত  আৰক্ষী অধীক্ষক ৰুপম বৰদলৈ উপস্থিত থাকি নতুন আইনৰ বিষয়ে  বিতংভাবে আলোচনা কৰে৷

সভাত মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক শশধৰ কলিতাই এই তিনি নতুন আইন সন্দৰ্ভত আলোকপাত কৰে৷সভাত থানাৰ নাগৰিক সমিতিৰ সভাপতি ওমৰ উদ্দিনকে ধৰি গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া, গাঁওপ্ৰধান,বাহন চালকে ধৰি ভালেমান লোক উপস্থিত থাকে৷