এভন ইণ্ডিয়াই মহিলা উদ্যোগীসকলক শক্তিশালী কৰিবলৈ “আই এম শক্তি” অভিযান আৰম্ভ কৰিছে

9

এভন ইণ্ডিয়াই প্ৰতিষ্ঠানটোৰ মহিলা প্ৰতিনিধিসকলৰ শক্তি আৰু বহনক্ষমতাক উদযাপন কৰি “আই এম শক্তি” অভিযান আৰম্ভ কৰিছে। দেৱী দুৰ্গা আৰু লক্ষ্মীৰ গুণৰ পৰা অনুপ্ৰাণিত হৈ আৰম্ভ কৰা এই অভিযানৰ লক্ষ্য হৈছে ব্যক্তিগত আৰু পেছাদাৰী জীৱনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা মহিলাসকলক স্বীকৃতি আৰু সবলীকৰণ কৰা, যিয়ে নেতৃত্ব আৰু উদ্যমিতাৰ সফলতা প্ৰদৰ্শন কৰিব। এভন ইণ্ডিয়াৰ জিএম মাৰ্কেটিং স্নিগ্ধা সুমনে এই বিষয়ত আলোকপাত কৰি কয় যে, “এই অভিযানত পৰিৱৰ্তনক অনুপ্ৰাণিত কৰা সাহস, শক্তি আৰু সমৃদ্ধি প্ৰদৰ্শন কৰা মহিলাসকলক সন্মান জনোৱা হয়। এই প্ৰতিনিধিসকল কেৱল ব্যৱসায়িক অংশীদাৰেই নহয় বৰঞ্চ নিজৰ নিজৰ সম্প্ৰদায়ৰ সবলীকৰণৰ ৰূপকাৰ।”

সমগ্ৰ ৰা্জ্যতে এভনৰ “আই এম শক্তি” অভিযান স্থানীয় মহিলা উদ্যোগীসকলৰ সৈতে শক্তিশালীভাৱে অনুৰণিত হৈছে। এভনৰ পদক্ষেপে অঞ্চলটোৰ মহিলাসকলক বিশেষভাৱে ফেষ্টিভ ছিজনত বিত্তীয় স্বতন্ত্ৰতা প্ৰাপ্ত কৰাত সহায় কৰিছে। গুৱাহাটীৰ সমৃদ্ধ বজাৰত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পাইছে, যাৰ ফলত চহৰখনৰ সৌন্দৰ্য আৰু ব্যক্তিগত যতন খণ্ডৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে এভনৰ স্থিতি সুদৃঢ় হৈছে।

মহিলা সৱলীকৰণৰ বাবে ১৩৫ বছৰতকৈও অধিক সময়ৰ দায়বদ্ধতাৰে এভনে উদ্যমিতা আৰু ব্যক্তিগত বৃদ্ধিৰ বাবে এখন মঞ্চ প্ৰদান কৰি পৰিৱৰ্তনক আগুৱাই লৈ গৈছে, যিয়ে সমগ্ৰ ভাৰতৰ মহিলাসকলক আভ্যন্তৰীণ শক্তিক আকোৱালি ল’বলৈ আৰু নিজৰ নিজৰ সম্ভাৱনাক মুকলি কৰিবলৈ অনুপ্ৰাণিত কৰিছে।