২০২৬ চনৰ জানুৱাৰী মাহত পুনৰবাৰ নিজৰ মন পচন্দৰ গ্ৰেণ্ড শ্লেমলৈ উভতি আহিব চুইজাৰলেণ্ডৰ টেনিছ কিংবদন্তি ৰজাৰ ফেডাৰেৰে। অষ্ট্ৰেলিয়ান অ’পেনৰ আয়োজকসকলে ঘোষণা কৰে যে ফেডাৰেৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ২০২২ চনত অৱসৰ লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰড লেভাৰ এৰিনাত অংশগ্ৰহণ কৰিব।প্ৰথমবাৰৰ বাবে মেলবৰ্ণ পাৰ্কত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ মুকলি অনুষ্ঠানটো ১৮ জানুৱাৰীত প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ এদিন পূৰ্বে অনুষ্ঠিত হ’ব।
ফেডাৰেৰকো বিশেষ সন্মান প্ৰদান কৰা হ’ব। ছয়বাৰ নৰ্মান ব্ৰুকছ ট্ৰফী জয় কৰা ফেডাৰেৰে মুঠ ২০টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে। এই বিশেষ প্ৰতিযোগিতাত ফেডাৰেৰৰ সৈতে চাৰিবাৰৰ অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন আন্দ্ৰে আগাছি, অষ্ট্ৰেলিয়াৰ পেট ৰাফটাৰ আৰু লেইটন হেউইটেও ক’ৰ্টত উপস্থিত থাকিব। ফেডাৰেৰে কয়-বহুদিন পূৰ্বে মই অষ্ট্ৰেলিয়ান অ’পেনক ‘হেপি শ্লেম’ বুলি কৈছিলো, আৰু আজিও সেই নামটো মনত পেলাই হাঁহি উঠে। ৰড লেভাৰ এৰিনাত মই বিভিন্ন ধৰণৰ আৱেগ অনুভৱ কৰিছো— ‘নৰ্মান’ক ছবাৰকৈ তুলি লোৱাৰ আনন্দ, নিজেই ৰড লেভাৰৰ বিৰুদ্ধে খেলাৰ সন্মান, কিংবদন্তি প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে সংগ্ৰাম আৰু অষ্ট্ৰেলিয়াৰ অনুৰাগীৰ অপৰিসীম প্ৰেম।
ফেডাৰেৰে কয় যে ২০১৭ চনত অষ্ট্ৰেলিয়ান অ’পেন জয় কৰাটো তেওঁৰ কেৰিয়াৰৰ অন্যতম বিশেষ মুহূৰ্ত আছিল আৰু ২০১৮ চনত ইয়াৰ পুনৰাবৃত্তি এটা সপোনৰ দৰে আছিল। ২০০৪, ২০০৬, ২০০৭ আৰু ২০১০ চনতো তেওঁ এই খিতাপ দখল কৰে।
