অষ্ট্ৰেলিয়ান অ’পেন ২০২৬ৰ পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ যুৱ টেনিছ তাৰকা লৰেঞ্জো মুছেট্টিয়ে আঘাতৰ বাবে মাজভাগতে আঁতৰি অহাৰ ফলত এক বৃহৎ অঘটন হয়। ইয়াৰ ফলত ছাৰ্বিয়াৰ কিংবদন্তি তথা ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ন’ভাক জ’কভিচে জয়ী নোহোৱাকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। প্ৰথম দুটা ছেটত জ’কভিচৰ বিৰুদ্ধে ৬-৪, ৬-৩ ত জয়লাভ কৰি মুছেট্টিয়ে মেচখনৰ আৰম্ভণি কৰে। তৃতীয় ছেটৰ সময়ত তেওঁৰ সোঁ ভৰিৰ ওপৰৰ অংশত অস্বস্তিৰ সন্মুখীন হোৱাৰ বাবে মেডিকেল টাইমআউট লয় । চিকিৎসাৰ অন্তত মুছেট্টি ক’ৰ্টলৈ উভতি আহিছিল যদিও মাত্ৰ এখন খেল খেলি আঁতৰি যোৱাৰ সিদ্ধান্ত লয়।
মুছেট্টী আঁতৰি যোৱাৰ সময়ত স্ক’ৰ আছিল ৬-৪, ৬-৩, ১-৩, যাৰ ফলত জ’কভিচে তেওঁৰ আটাইতকৈ সফল গ্ৰেণ্ড শ্লেমত আন এক জীৱনদান লাভ কৰিছিল। ১০ বাৰৰ অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন জ’কভিচে এতিয়া ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে, যিয়ে মাৰ্গাৰেট ক’ৰ্টৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰিব পাৰে। মেচৰ অন্তত জ’কভিচে মুছেটীৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি কয় যে তেওঁৰ প্ৰতি মোৰ বৰ বেয়া লাগিছে। আজি তেওঁ মোতকৈ বহুত ভাল খেল খেলিছিল। সঁচা কথা ক’বলৈ গ’লে আজি মই ঘৰলৈ যাব ওলাইছিলো।
ইয়াৰ পূৰ্বে জ’কভিচে খেল নেখেলাকৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যেতিয়া তেওঁৰ চতুৰ্থ ৰাউণ্ডৰ প্ৰতিদ্বন্দ্বী জাকুব মেনচিকে পেটৰ পেশীৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিছিল।এতিয়া ছেমিফাইনেলত য়ানিক চিনাৰ আৰু বেন শ্বেলটনৰ মাজত অনুষ্ঠিত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেল মেচখনৰ বিজয়ী দলৰ বিৰুদ্ধে মুখামুখি হ’ব জ’কভিচে।
