ছিডনীত অনুষ্ঠিত ২০২৫–২৬ বৰ্ষৰ এছেজ শৃংখলাৰ পঞ্চম আৰু অন্তিম টেষ্টত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি ৪-১ত শৃংখলাটো জয় কৰে। ইংলেণ্ডে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ হৈ ১৬০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যিটো পঞ্চম দিনত চাহ বিৰতিৰ পূৰ্বে আয়োজক দলে লাভ কৰে। উছমান খোৱাজাই কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলে। ছিডনী টেষ্টৰ পূৰ্বে খোৱাজাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। মেচখনৰ অন্তিম দিনটোত ইংলেণ্ডে ৮ উইকেটত ৩০২ ৰানত পুনৰ খেল আৰম্ভ কৰে যদিও ৩৪২ ৰানত অল আউট হয়।
অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথম ইনিংছত ৩৮৪ ৰান সংগ্ৰহ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই ৫৬৭ ৰান সংগ্ৰহ কৰি ১৮৩ ৰানত অগ্ৰগতি লাভ কৰিছিল। অষ্ট্ৰেলিয়াৰ ইনিংছত ষ্টিভ স্মিথ আৰু ট্ৰেভিছ হেডে শতক অৰ্জন কৰে।অষ্ট্ৰেলিয়াই ১২১ ৰানত ৫ উইকেট হেৰুৱাইছিল। লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই দুৰ্বল আৰম্ভণি কৰে। ১২১ ৰান লাভ কৰাৰ সময়লৈকে দলটোৱে ৫টা উইকেট হেৰুৱায়। ৩৭ ৰান সংগ্ৰহ কৰি ৰান আউট হয় মাৰ্নাছ লাবুশ্বানে। জেক ৱেদাৰল্ডে ৪০টা বলত ৩৪ ৰান সংগ্ৰহ কৰে। খোৱাজা ৬ ৰানত আউট হৈছিল।
এই টেষ্ট মেচখন আছিল অষ্ট্ৰেলিয়াৰ অ’পেনাৰ উছমান খোৱাজাৰ কেৰিয়াৰৰ শেষ টেষ্ট। দ্বিতীয় ইনিংছত তেওঁ মাত্ৰ ৬ ৰানত আউট হয়। দলটোৱে চতুৰ্থ উইকেট উইকেট হেৰুৱাই ১১৯ ৰান সংগ্ৰহ কৰে। খোৱাজাক আউট হোৱাৰ লগে লগে ছিডনী ক্ৰিকেট খেলপথাৰৰ দৰ্শকে থিয় হৈ হাত চাপৰি বজায়। ষ্টেণ্ডত উপস্থিত থকা তেওঁৰ পৰিয়ালটোক আৱেগিক দেখা যায়। পেভিলিয়নলৈ উভতি অহাৰ লগে লগে উছমান খোৱাজাই মাটিত মোৰ দোৱায় প্ৰণাম কৰে, যাৰ ফলত সেই মুহূৰ্তটো আৰু অধিক স্মৰণীয় হৈ পৰে।
