ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াৰ নিৰ্বাচকসকলে উপমহাদেশখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ দলৰ স্পিন বলাৰক অগ্ৰাধিকাৰ দিছে।২০২১ চনৰ টি-২০ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে ঘোষণা কৰে ১৫ জনীয়া দল। টি-২০ৰ পৰা অৱসৰ লোৱা মিচেল ষ্টাৰকৰ অনুপস্থিতিৰ বাবে তেওঁলোকে কোনো বাওঁহাতৰ বেগী বলাৰক দলত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াৰ যোৱা ১২খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ কোনো এখন খেলতে খেলা নাছিল যদিও কুপাৰ কনলিক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
যোৱা ছটা টি-২০ বিশ্বকাপৰ ভিতৰত ষ্টাৰকে মাত্ৰ এটাত খেলিব নোৱাৰিলেও যোৱা বছৰৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অহা ১১ ফেব্ৰুৱাৰীত কলম্বোত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়াৰ। ইয়াৰ পিছত ১৩ ফেব্ৰুৱাৰীত কলম্বোত জিম্বাবুৱেৰ বিৰুদ্ধে খেলিব, তাৰ পিছত ১৬ ফেব্ৰুৱাৰীত কেণ্ডিত শ্ৰীলংকাৰ বিৰুদ্ধে আৰু ২০ ফেব্ৰুৱাৰীত ওমানৰ বিৰুদ্ধে খেলিব।চলিত মাহৰ শেষৰ ফালে পেট কামিন্সৰ পিঠিৰ স্কেনৰ দ্বাৰা তেওঁৰ অংশগ্ৰহণ নিৰ্ণয় কৰা হ’ব। জোছ হেজলউড আৰু টিম ডেভিদ দুয়োজনেই হামষ্ট্ৰিঙৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ নিয়ম অনুসৰি যিকোনো দলে ৩১ জানুৱাৰীলৈকে নিজৰ দলত সালসলনি কৰিব পাৰে।
চলিত মাহৰ শেষৰ ফালে পাকিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলা খেলিব অষ্ট্ৰেলিয়াই। অষ্ট্ৰেলিয়াই বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ সকলো খেল শ্ৰীলংকাত খেলিব যদিও যদি তেওঁলোকৰ দলটোৱে ছুপাৰ এইটত প্ৰৱেশ কৰে তেন্তে ভাৰত ভ্ৰমণ কৰিব লাগিব।অষ্ট্ৰেলিয়াৰ দল : মিচেল মাৰ্ছ (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, কুপাৰ কনলি, পেট কামিন্স, টিম ডেভিদ, কেমেৰন গ্ৰীণ, নাথান এলিছ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মেথিউ কুহনেমেন, গ্লেন মেক্সৱেল, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা।
