চৰকাৰে দীৰ্ঘদিন ধৰি জনাই অহা প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি অৱশেষত শাসকীয় বিজেপি দলক তীব্ৰ ৰাজনৈতিক সকীয়নি প্ৰদান কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমিৰ অধিকাৰ আৰু মজুৰি বৃদ্ধিৰ দৰে মৌলিক সমস্যাসমূহ সমাধান নকৰিলে নিৰ্বাচনত বিজেপিয়ে ইয়াৰ ‘কঠোৰ পৰিণতি’ ভুগিবলৈ সাজু থাকিবলৈ সংগঠনটোৱে হুংকাৰ দিয়ে। বুধবাৰে জিলা সমিতিৰ উদ্যোগত আয়োজিত এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে চৰকাৰলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
আটছাৰ কেন্দ্ৰীয় উপ-সভাপতি লাজাৰ নন্দাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়, “চাহ জনগোষ্ঠীৰ লোকসকলে যোৱা পাঁচটা দশকতকৈও অধিক সময় ধৰি নিজৰ সাংবিধানিক অধিকাৰৰ বাবে গণতান্ত্ৰিকভাৱে যুঁজ দি আহিছে। চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিও আমাৰ মূল সমস্যাবোৰ সমাধান হোৱা নাই।” তেওঁ লগতে কয় যে অসমৰ ১০৮টাতকৈও অধিক নৃগোষ্ঠীৰে গঠিত চাহ জনগোষ্ঠীৰ লোকসকল ২০০ বছৰ ধৰি অসমৰ ভাষা, সংস্কৃতি আৰু অৰ্থনীতিৰ অবিচ্ছেদ্য অংগ হৈ আছে, তথাপিও তেওঁলোকক সাংবিধানিক স্বীকৃতিৰ পৰা বঞ্চিত কৰি ৰখা হৈছে।
সংগঠনটোৰ নেতৃত্বই ২০২৫ চনৰ বিধানসভাৰ শীতকালীন অধিবেশনত দাখিল কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈয়ো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকৰ মতে, প্ৰতিবেদনত উল্লেখিত ‘অনুসূচিত জনজাতি (ভৈয়াম)’ মৰ্যাদাৰ বিষয়টোত ১০৮টা চাহ জনগোষ্ঠীৰ সকলো কুল-উপকুল অন্তৰ্ভুক্ত হোৱাৰ কোনো স্পষ্ট নিৰ্দেশনা নাই। এই অস্পষ্টতাই চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত অনিশ্চয়তাৰ সৃষ্টি কৰিছে। আটছাৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দ্ৰ কুৰ্মীয়ে সকীয়াই দি কয় যে বিজেপিয়ে চাহ জনগোষ্ঠীৰ সমৰ্থন লৈছিল যদিও প্ৰতিশ্ৰুতি পূৰণত গুৰুত্ব দিয়া নাই।
২০২৬ৰ নিৰ্বাচনী ঘণ্টা বাজি উঠাৰ পূৰ্বে আটছাই তিনিটা মূল চৰ্ত চৰকাৰৰ আগত দাঙি ধৰিছে। সেয়া হ’ল— চাহ জনগোষ্ঠীৰ সকলো সম্প্ৰদায়ক জনজাতিকৰণ কৰা, চাহ শ্ৰমিক তথা গাঁওবোৰত বাস কৰা লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা। উজনি অসমৰ কেইবাটাও সমষ্টিত চাহ জনগোষ্ঠীৰ নিৰ্ণায়ক ভোট থকাৰ পৰিপ্ৰেক্ষিতত আটছাৰ এই ৰাজনৈতিক স্থিতি বিজেপিক বিপদত পেলাব পাৰে বুলি ধাৰণা কৰা হৈছে। আজিৰ এই কাৰ্যসূচীত জিলা সভাপতি বিমল বাঘ, সম্পাদক চনু ওৰাংসহ কেইবাশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।
