অসম ক্ৰিকেট সন্থাই সদ্য সমাপ্ত আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ বিজয়ী দলৰ সদস্য উমা চেত্ৰীক তেওঁৰ অসাধাৰণ কৃতিত্বৰ স্বীকৃতি স্বৰূপে দেওবাৰে আন্তৰিকভাৱে ওলগ আৰু সম্বৰ্ধনা জনায়। তেওঁৰ এই কৃতিত্বক সন্মান জনাই এচিএই বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ হোৱা উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰলৈ ৫১ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰে। এচিএ ষ্টেডিয়াম চৌহদত থকা ৯১ য়াৰ্ডছ ক্লাবৰ প্ৰেক্ষাগৃহত হোৱা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়া। লগতে এচিএৰ সভাপতি তৰংগ গগৈ, উপ-সভাপতি ৰমেন দত্ত, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ অনুপম ডেকা, এচিএ এপেক্স কাউন্সিলৰ সদস্য মুকুতা নন্দ ভট্টাচাৰ্যকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে সন্থাৰ কেইবাটাও জিলা গোটকে ধৰি আন খেলৰ ক্ৰীড়া সন্থাইও উমাক সম্বৰ্ধনা জনায়।
অনুষ্ঠানত ভাষণ দি দেৱজিত শইকীয়াই উমাৰ এই প্ৰেৰণাদায়ক যাত্ৰাক প্ৰশংসা কৰি কয়, ‘উমাৰ এই সাফল্যই কেৱল অসমক গৌৰৱান্বিত কৰাই নহয় উত্তৰ-পূবৰ মহিলা ক্ৰিকেটৰ বাবেও ই এক নতুন অধ্যায় মুকলি কৰিছে । স্থানীয় খেলপথাৰৰ পৰা বিশ্ব মঞ্চলৈ তেওঁৰ যাত্ৰা হ’ল দৃঢ়তা, অনুশাসন, আৰু সপোন বাস্তৱায়িত হোৱাৰ জীয়া কাহিনী । সমগ্ৰ দেশতে মহিলা ক্ৰিকেটক শক্তিশালী কৰাৰ বাবে বি চি চি আই প্ৰতিশ্ৰুতিবদ্ধ।”
উমাক এনেদৰে সন্মান জনোৱাৰ বাবে তেওঁ লগতে অসম ক্ৰিকেট সন্থাকো প্ৰশংসা কৰে। এচিএৰ সভাপতি তৰংগ গগৈয়ে নিজৰ ভাষণত কয়-উমাৰ সফলতাক লৈ আমি অসীম গৌৰৱ অনুভৱ কৰিছো।অসমৰ পৰা বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে তেওঁ ইতিহাস ৰচনা কৰিছে। খেলৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু আবেগে আমাৰ অঞ্চলত যি সম্ভাৱনা আছে তাকে প্ৰতিফলিত কৰিছে। ৰাজ্য আৰু জাতিলৈ অধিক গৌৰৱ কঢ়িয়াই অনাৰ বাবে এনে প্ৰতিভাৱান খেলুৱৈক লালন-পালন কৰাৰ লগতে উতসাহ যোগোৱাত এচিএ সদায়েই ব্ৰতী হৈ থাকিব।
