অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশেষ সংশোধন (এছ আৰ)ৰ পিছত প্ৰকাশিত ৰাজ্যৰ খচৰা ভোটাৰ তালিকাত “গুৰুতৰ অনিয়ম”ৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ভোটাৰ তালিকা চূড়ান্ত কৰাৰ ক্ষেত্ৰত “সকলো অনিয়মৰ তদন্ত আৰু শুধৰণি নোহোৱালৈকে” স্থগিত ৰখাৰ দাবী জনাইছে।
যোৱা ৩০ ডিচেম্বৰত প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে ৰাজ্যত ১.৩৫ শতাংশ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। এই ভোটাৰ তালিকাখন এছ আৰৰ পিছত প্ৰস্তুত কৰা হৈছিল। সোমবাৰে জ্ঞানেশকুমাৰলৈ লিখা পত্ৰত শইকীয়াই কয় যে অসমত চলি থকা এছ আৰৰ সময়ত ভোটাৰ তালিকাত পৰ্যবেক্ষণ কৰা গুৰুতৰ অনিয়মক লৈ মই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ।
সংবাদ মাধ্যমৰ বাতৰি আৰু আন পোৱা পোৱা তথ্য অনুসৰি অনা-অসমীয়া ভাষী ভোটাৰক অবৈধভাৱে অন্তৰ্ভুক্ত কৰা আৰু অন্যান্য পদ্ধতিগত ভুল পৰ্যবেক্ষণ কৰা হৈছে, যাৰ ফলত নিৰ্বাচনী প্ৰক্ৰিয়াৰ পবিত্ৰতাৰ লগত আপোচ হ’ব পাৰে। শইকীয়াই অভিযোগ কৰে যে এনে কিছুমান নিৰ্দিষ্ট দৃষ্টান্ত পোহৰলৈ আহিছে য’ত বাসিন্দাসকলৰ অজ্ঞাতে ঘৰৰ সদস্যৰূপে অজ্ঞাত ব্যক্তিক ভোটাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
