ৰাজ্যত কৰ্মসংস্থাপনৰ বাবে থকা এজন অসমীয়া যুৱকৰ সন্দেহজনক কাৰ্যকলাপক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কেৰালাৰ ত্ৰিশূৰ জিলাৰ পৰা আৰক্ষীয়ে মঙলবাৰে ৰছিদুল ইছলাম নামৰ ২৫ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযোগ অনুসৰি, ৰছিদুলে সামাজিক মাধ্যমৰ জৰিয়তে চৰমপন্থী মতাদৰ্শ প্ৰচাৰ কৰাৰ লগতে দেশবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ চেষ্টা চলাইছিল।
বিগত প্ৰায় দুবছৰ ধৰি কেৰালাৰ কাইপামংগলাম আৰক্ষী থানাৰ অন্তৰ্গত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল ৰছিদুল। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে যুৱকজনে সামাজিক মাধ্যমত ধৰ্মীয় বিদ্বেষমূলক পোষ্ট শ্বেয়াৰ কৰাৰ লগতে সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত হোৱাৰ স্পষ্ট ইংগিত দিছিল। ইয়াৰ উপৰি, তেওঁ ফোন আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে বাংলাদেশসহ বিদেশত থকা সন্দেহজনক লোকৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছিল বুলিও তদন্তকাৰী বিষয়াসকলে দাবী কৰিছে।
প্ৰাথমিক তদন্তৰ পৰা লাভ কৰা এক ভয়ংকৰ তথ্য অনুসৰি, ৰছিদুলে পাকিস্তানৰ পৰা এ কে-৪৭ ৰাইফল ক্ৰয় কৰাৰ বাবেও চেষ্টা চলাইছিল। এই বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পাছতে কেন্দ্ৰীয় সংস্থাসমূহো সষ্টম হৈ পৰিছে। আৰক্ষীয়ে ৰছিদুলৰ মোবাইল ফোন আৰু অন্যান্য বৈদ্যুতিন সামগ্ৰী ইতিমধ্যে জব্দ কৰিছে। বৰ্তমান ৰছিদুলক অধিক জেৰা চলাই থকা হৈছে যাতে এই বৃহৎ চক্ৰটোৰ আঁৰত আন কোনোবা সক্ৰিয় হৈ আছে নেকি, সেই বিষয়ে নিশ্চিত হ’ব পৰা যায়।
