এডিনবাৰ্গৰ ৰয়েল কলেজত সন্মানিত অসমৰ শল্য চিকিৎসক

551

অসমৰ প্ৰখ্যাত শল্য চিকিৎসক ডাঃ সুভাষ খান্নাই অলপতে ‘এছ’চিয়েচন অব্ লেপাৰ’স্কপিক ছাৰ্জনছ অব্ গ্ৰেট ব্ৰিটেইন এণ্ড আয়াৰলেণ্ড’ (এ এল এছ জি বি আই)ৰ বাৰ্ষিক সন্মিলনত আমন্ত্ৰণসাপেক্ষে বক্তৃতা প্ৰদান কৰে। এই সমাৰোহত ফেকাল্টি হিচাপে বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱা ভাৰতৰ চাৰিজনীয়া প্ৰতিনিধি দলটোৰ অন্যতম সদস্য আছিল ডাঃ খান্না। ডাঃ খান্নাই যকৃতৰ নলীৰ পৰা পাথৰ উলিয়াব পৰা আৰু যকৃতৰ অন্যান্য বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত ‘ই আৰ চি পি এণ্ড স্পাইগ্লাছ ফৰ গেষ্ট্ৰ’- ইণ্টেছটিনেল ছাৰ্জনছ’ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে।

ডাঃ খান্নাই ভাৰতৰ এণ্ড’ছাৰ্জনসকলৰ সংস্থা আই এ জি ই এছ আৰু ব্ৰিটেইনৰ এ এল এছ জি বি আইৰ মাজত সহযোগিতা স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ই আৰ চি পিৰ ক্ষেত্ৰত গ্ৰেট ব্ৰিটেইনৰ শল্য চিকিৎসকসকলক অগ্ৰণী হিচাপে ধৰা হয়। ডাঃ খান্নাক যোৱা ১১ নৱেম্বৰত এডিনবাৰ্গৰ প্ৰখ্যাত ৰয়েল কলেজ অব্ ছাৰ্জনছৰ তৰফৰ পৰা শিক্ষানুষ্ঠানখনৰ চৌহদত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত সন্মানীয় ফেল’শ্বিপ আগবঢ়োৱা হয়।

ডাঃ খান্নাই ২০২০ চনতো ৰয়েল কলেজৰ ফেল’শ্বিপৰ বাবে বাছনিভুক্ত হৈছিল যদিও ক’ভিডজনিত প্ৰতিবন্ধকতাৰ বাবে তেওঁ সমাৱৰ্তন অনুষ্ঠানত ব্যক্তিগতভাৱে উপস্থিত থাকিব পৰা নাছিল। আৰ চি এছ এডিনবাৰ্গ হৈছে ব্ৰিটেইনৰ অন্যতম পুৰণি শিক্ষা প্ৰতিষ্ঠান। গৌৰৱময় ঐতিহ্য তথা ৫০০ বছৰতকৈও অধিক পাৰদৰ্শিতাৰে সমৃদ্ধ এই শিক্ষানুষ্ঠানখনৰ আন্তঃৰাষ্ট্ৰীয় ফেল’সকলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্ম সম্পাদন কৰি আহিছে। এই বছৰ কোনোধৰণৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ সন্মান লাভ কৰা মাত্ৰ দুগৰাকী শল্য চিকিৎসকৰ ভিতৰত অন্যতম হৈছে ডাঃ খান্না