অসমত ষ্টেট বেংককে ধৰি সকলো বেংকৰ কামৰ সময়সূচী সলনি কৰা হৈছে

133

অসমত ষ্টেট বেংককে ধৰি সকলো বেংকৰ কামৰ সময়সূচী সলনি কৰা হৈছে৷ আজিৰ পৰা ৫ জুনলৈ এই সময়সূচী সলনি কৰা হৈছে৷পুৱা ১০ বজাৰ পৰিৱর্তে ৯ বজাৰ পৰা আৰম্ভ হ’ব বেংকৰ লেনদেন৷ এইকেইদিন পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চলিব বেংকৰ কাম–কাজ৷ এই সময়ছোৱাত বেংকসমূহত টকা জমা কৰা, উলিওৱা, চেক ক্লীয়াৰ আদি কাম সম্পাদিত হ’ব৷আংশিক লকডাউনৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি ষ্টেট লেভেল বেংকার্ছ কমিটীয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে।