শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা। প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকা সময়তে কালি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷এখন এল্ট’ গাড়ীত আতি গোপনে অনা হৈছিল ব্ৰাউন চুগাৰ খিনি ৷ চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি AS -12 AD- 4173 নম্বৰ ৰ এখন এল্ট’ গাড়ীৰে অৰুণাচললৈ নি থকাৰ অৱস্থাত জব্দ কৰে ব্ৰাউন চুগাৰ খিনি ৷জব্দকৃত ব্ৰাউন চুগাৰ খিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা হব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰিছে।
