গৌৰীপুৰৰ পিয়াজবাৰীত আঠানি আৰক্ষীৰ অভিযানত অবৈধভাৱে মাটি খনন কৰা এখন এক্সেভেটৰ জব্দ কৰা হৈছে। আৰক্ষীয়ে জব্দ কৰা এক্সেভেটৰখনৰ পঞ্জীয়ন নম্বৰ- এ এছ-১৭-বি- ৮১৮৩। উল্লেখযোগ্য যে, ধুবুৰী বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে টিপকাই, গৌৰাং নদীৰ মৰাসুঁতিসমূহত একাংশ ভূ-মাফিয়াই দিনে -নিশাই এক্সেভেটৰেৰে অবৈধভাৱে মাটি খান্দি নৈপৰীয়া অঞ্চলসমূহলৈ ভাবুকিৰ সৃষ্টি কৰি আহিছে।আনহাতে বন বিভাগৰ দায়িত্ব আৰক্ষীয়ে পালন কৰিব লগা হোৱা ঘটনাই সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
