বিশ্বনাথ আৰক্ষীৰ সাফল্য, শোণিতপুৰ আৰক্ষী আৰু বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত আজি আবেলি জিনজিয়া থানাৰ অন্তৰ্গত কুহিয়াৰবাৰী ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ব্ৰাউনচুগাৰ সহ দুজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষী গোপন সুত্ৰৰ পম খেদি তেজপুৰৰ পৰা লখিমপুৰ লৈ যোৱা অবস্থাত যাত্ৰীবাহী বাছত বিশ্বনাথ জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাই নেতৃত্বত আৰক্ষীৰ দলে তালাচী চলাই ৫৪গ্ৰাম ব্ৰাউন চুগাৰসহ লখিমপুৰ ইছলামপুৰৰ চাবদুল আলি আৰু ছডিকুল ইছলামক কৰায়ত্ত কৰে উল্লেখ্য যে দুয়োজনৰ ঘৰৰ ঠিকনা ইছলাপুৰ।।জব্দকিত ব্ৰাউন চুগাৰৰখিনিৰ মূল্য দহ লাখ আশী হাজাৰ হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।