অসম আৰক্ষীৰ বৃহৎ সাফল্য

84

ড্ৰাগছৰ বিৰুদ্ধে সদা সষ্টম হৈ আছে আৰক্ষী । কিন্তু তাৰ মাজতেই আৰক্ষীৰ চকুত ধূলি দি এই বৰবিহৰ সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই । শেহতীয়াকৈ আৰক্ষীয়ে প্ৰায় ২১ কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰিছে তিনি সৰবৰাহকাৰীক । ইয়াৰ দুগৰাকী স্বামী-স্ত্ৰী মণিপুৰত চলি থকা প্ৰায় ২১ মাহজোৰা সংকটৰ মাজতে এক বৃহৎ অভিযানত ৰাজ্যখনৰ আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত ২১ কোটিৰো অধিক মূল্যৰ ১০.৫৬৫ কিলোগ্ৰাম নিষিদ্ধ হেৰ’ইন পাউদাৰ জব্দ কৰে । ৰাষ্ট্ৰীয় ঘাইপথ-২ (ইম্ফল-ডিমাপুৰ)ত চলা এই অভিযানত এটা দম্পতীকে ধৰি তিনিজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰা হয় ।সোধা-পোছাৰ সময়ত কে পি জেকবে প্ৰকাশ কৰে যে তেওঁৰ সৈতে ডিমাপুৰৰ লিলি মাৰ নামৰ এগৰাকী মহিলাই ড্ৰাগছ সৰবৰাহৰ বাবে যোগাযোগ কৰিছিল ।