জুৰীয়া আৰক্ষীৰ সফল অভিযান

95

ড্ৰাগছৰ বিৰুদ্ধে মাহগুৰিত জুৰীয়া আৰক্ষীৰ সফল অভিযান। এক গোপন খবৰৰ ভিত্তিত মাহগুৰি গাঁৱৰ ফক্কৰউদ্দিনৰ বাসগৃহত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই ৩ বাকচ ভৰ্তি ড্ৰাগছ সহ আটক তিনি কুখ্যাত ড্ৰাগছ পেডলাৰ। জুৰীয়াৰ মাহগুৰিৰ পৰা কেৰেলালৈ ড্ৰাগছখিনি লৈ যোৱাৰ যো-যা চলাই থাকোতেই জুৰীয়া আৰক্ষীৰ অভিযানত আটক তিনি কুখ্যাত ড্ৰাগছ পেডলাৰ।জুৰীয়া আৰক্ষীয়ে মাহগুৰিৰ ফক্কৰউদ্দিনৰ বাসগৃহত অভিযান চলাই 156.47 gm ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে মুকছেদুল ইছলাম, জিয়াবুৰ ৰহমান আৰু ফক্কৰউদ্দিনক।ইতিমধ্যেই তিনিটা কুখ্যাত ড্ৰাগছ পেডলাৰক আটক কৰি জুৰীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে।