২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী যুঁজত আনুষ্ঠানিকভাৱে অৱতীৰ্ণ হৈছে আম আদমি পাৰ্টী। শনিবাৰে দলটোৱে অসমৰ বাবে ১৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি কৰিছে। দলটোৰ ৰাজ্যিক প্ৰভাৰীৰ স্বাক্ষৰিত এক নিৰ্দেশনাৰ জৰিয়তে উজনি আৰু নামনি অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে এই প্ৰাৰ্থিত্ব চূড়ান্ত কৰা হয়।
ঘোষিত তালিকাখনৰ অনুসৰি গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ পৰা অনুৰূপা ডেকাৰাজা আৰু শিৱসাগৰৰ পৰা তপন গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে উজনি অসমৰ নাওবৈচাৰ পৰা অচ্যুৎ দাস, দেৰগাঁৱৰ পৰা পুলিন গগৈ, গহপুৰৰ পৰা জৰ্বোৱাম কুটুম আৰু খুমটাই সমষ্টিৰ পৰা আশীষ হাজৰিকাক দলটোৱে মনোনীত কৰিছে। তিতাবৰ সমষ্টিৰ বাবে পল্লৱ শৰ্মা আৰু বিশ্বনাথৰ বাবে অনন্ত গগৈৰ নাম ঘোষণা কৰা হৈছে।
নামনি অসম আৰু কাৰ্বি পাহাৰৰ সমষ্টিসমূহৰ ক্ষেত্ৰতো দলটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। চেঙাৰ পৰা জাহিদ ইছলাম খান, নদুৱাৰৰ পৰা ৰঞ্জিত বড়ো, গোৱালপাৰা পূবৰ পৰা জিন্নাহ আমিৰ হুছেইন আৰু ৰহা সমষ্টিৰ পৰা বৰুণ বিকাশ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান সমষ্টিৰ পৰা ৰেণুকা তিমুংপীক দলটোৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰাইছে।
আম আদমি পাৰ্টীৰ ৰাজ্যিক নেতৃত্বই জনোৱা মতে, স্থানীয় গোটসমূহৰ সৈতে সুদীৰ্ঘ আলোচনাৰ অন্ততহে এই প্ৰাৰ্থীসকলক চূড়ান্ত কৰা হৈছে। অনাগত দিনত দলটোৱে নিৰ্বাচনৰ বাবে আন কেইবাখনো তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যত প্ৰধান ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক কচৰৎ চলি থকাৰ মাজতে আম আদমি পাৰ্টীৰ এই আগতীয়া ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে।
