অসম চৰকাৰক অৱমাননাৰ জাননী উচ্চতম ন্যায়ালয়ৰ

179

দেশৰ শীৰ্ষ আদালতে বুলডোজাৰ কাৰ্যৰ গোচৰত অসম চৰকাৰক অৱমাননাৰ জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত অসম চৰকাৰৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে আৰু পৰৱৰ্তী শুনানিলৈকে স্থিতি বজাই ৰাখিবলৈও নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা স্বত্বেও, চৰকাৰী আদেশৰ দ্বাৰা অসমৰ ৪৭ জন বাসিন্দাৰ ঘৰত বুলডোজাৰ চলোৱা হৈছিল, যাৰ পিছত এই লোকসকলে ন্যায়ালয়ৰ আদেশ উলংঘনৰ অভিযোগ তৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে।

ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে গোচৰটোৰ শুনানী কৰে, য’ত আবেদনকাৰীসকলে সংবিধানৰ অনুচ্ছেদ ১৪, ১৫ আৰু ২১ ৰ অধীনত মৌলিক অধিকাৰ উলংঘনকাৰী বুলডোজাৰ কাৰ্যকলাপ বুলিও অভিহিত কৰিছিল।দৰাচলতে, উচ্চতম ন্যায়ালয়ে ১৭ ছেপ্টেম্বৰত সমগ্ৰ দেশতে বুলডোজাৰ ব্যৱস্থাৰ বিৰুদ্ধে এক অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল যে আদালতৰ অনুমতি অবিহনে কোনো বুলডোজাৰৰ দৰে

ব্যৱস্থা ল’ব নোৱাৰিব। শীৰ্ষ ন্যায়ালয়ে অৱশ্যে স্পষ্ট কৰি দিছিল যে ৰাস্তা, ফুটপাথ, ৰে’লপথ আৰু জলাশয়ত অবৈধ বেদখল কৰা ক্ষেত্ৰত এইটো প্ৰযোজ্য নহ’ব। আৱেদনকাৰীসকলে এতিয়া দাবী কৰিছে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ স্বত্বেও, কৰ্তৃপক্ষই তেওঁলোকৰ ঘৰ ভাঙি পেলাইছিল।