হৃদৰোগৰ বিৰুদ্ধে যুঁজিবলৈ অসম চৰকাৰ আৰু ট্ৰাইক’গ হেল্থৰ উদ্যোগত হৃদযন্ত্ৰৰ স্বাস্থ্য ব্যৱস্থাপনা কাৰ্যসূচী

607

শেহতীয়া বৃদ্ধি পোৱা হৃদৰোগ(চিভিডি)ৰ প্ৰাদুৰ্ভাৱ বা ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ট্ৰাইক’গ হেল্থৰ সৈতে সহযোগিতাৰে হাৰ্ট হেল্থ মেনেজমেণ্ট (ষ্টেমি) কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই শেহতীয়া পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ অসমতে প্ৰতিৰোধমূলক হৃদযন্ত্ৰৰ যত্নৰ ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব, যিয়ে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ বোজা হ্ৰাস কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰিছে। এই হাৰ্ট হেল্থ মেনেজমেণ্ট কাৰ্যসূচীয়ে সমগ্ৰ অসমত হৃদযন্ত্ৰৰ বিভিন্ন গুৰুতৰ ৰোগৰ দ্ৰুত ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক গুৰুত্বপূৰ্ণ হাব আৰু স্প’ক মডেল প্ৰৱৰ্তন কৰিব। এই পদক্ষেপ উন্নত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ দ্বাৰা চালিত হ’ব, যিয়ে এই পদক্ষেপৰ আৰম্ভণিয়ে সক্ৰিয় স্বাস্থ্য ব্যৱস্থাপনাৰ প্ৰতি চৰকাৰৰ সমৰ্পণক সূচায়।

এই পদক্ষেপৰ প্ৰাৰম্ভিক পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ১০টা নিৰ্বাচিত স্বাস্থ্য কেন্দ্ৰত পাইলট প্ৰকল্প ৰূপায়ণেৰে সফল অধ্যয়ন চলাইছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্যই এই কাৰ্যসূচীৰ শুভাৰম্ভৰ প্ৰশংসা কৰি ৰাজ্যৰ দূৰণিবটীয়া আৰু প্ৰান্তীয় ৰোগীৰ চিকিত্সাই নতুন মাত্ৰা লাভ কৰাৰ সম্ভাৱনাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগসমূহে শেহতীয়াভাৱে সমগ্ৰ পৃথিৱীতে এক গুৰুত্বপূৰ্ণ ৰাজহুৱা স্বাস্থ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, লগতে অসমে বিভিন্ন প্ৰতিকূল প্ৰভাৱৰ সৈতেও যুঁজ দিবলগীয়া হৈছে। ২০১৮ চনৰ অসম ৰাজ্যিক হেল্থ প্ৰ’ফাইল অনুসৰি চিভিডিবোৰে অসমত যথেষ্ট পৰিমাণৰ মৃত্যুৰ কাৰক হৈ পৰিছিল, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য ব্যৱস্থাপনা কাৰ্যসূচীৰ দৰে হস্তক্ষেপ বা চিকিত্সাৰ তাৎক্ষণিকতা অথবা জৰুৰী সেৱাৰ প্ৰয়োজনীয়তাকে সূচাইছিল।

এই কাৰ্যসূচীৰ প্ৰভাৱ ইতিমধ্যে স্পষ্ট হৈছে, কিয়নো প্ৰথমবাৰলৈ এগৰাকী ৪৬ বছৰীয়া মহিলাই সোণাপুৰ জিলা চিকিৎসালয়ত গুৰুতৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তৎক্ষণাৎ ৰোগ নিৰ্ণয় কৰি লগে লগে বিশেষ যত্ন প্ৰদান কৰা হয়। ট্ৰাইকগ হেল্থৰ প্ৰযুক্তি ব্যৱহাৰ কৰি এই প্ৰয়াসৰ ফলত দ্ৰুত চিনাক্তকৰণ আৰু সময়মতে চিকিত্সা নিশ্চিত কৰাৰ ফলত ৰোগীৰ ফলাফল যথেষ্ট উন্নত হয়। ট্ৰাইকগ হেল্থৰ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত ৰূপায়ণ কৰা হ’ব হাৰ্ট হেল্থ মেনেজমেণ্ট কাৰ্যসূচী, যিয়ে ক্লাউড-সংযুক্ত ১২টা লিড ইচিজিৰ জৰিয়তে দ্ৰুত ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা বিশেষজ্ঞৰ সহায়ত ২৪ ঘণ্টাই ব্যাখ্যা কৰাৰ সুবিধা প্ৰদান কৰে। এই ডিজিটেল প্লেটফৰ্মে নিৰৱচ্ছিন্ন যত্নৰ সমন্বয় আৰু তথ্য বিশ্লেষণ সক্ষম কৰি তোলাৰ লগতে হৃদযন্ত্ৰৰ যত্ন আৰু সেৱাৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে।