অসমবাসীৰ বাবে পুনৰ ভাল খবৰ

14

বিহু আৰু ঝুমইৰৰ পাছত এইবাৰ বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন হ’ব বাগৰুম্বা আৰু বৰদৈচিখলা।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰায় ১০,০০০ যুৱক-যুৱতীয়ে সৰুসজাইত প্ৰদৰ্শন কৰিব এই নৃত্য।কোকৰাঝাৰত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এইবছৰৰ অক্টোবৰ মাহত ৮ ৰ পৰা ১০ হাজাৰ যুৱক-যুৱতীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বৰদৈচিখলা প্ৰদৰ্শন কৰিব।