শেহতীয়াকৈ শাম কাটিছে ৰাজ্যৰ এই বান পৰিস্থিতি।কেইবাখনো জিলাত বানৰ প্ৰকোপত প্ৰায় স্তব্ধ হৈ পৰিল জনজীৱন। সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধনৰ লগতে কেইবাজন লোকেও বানৰ ফলত প্ৰাণ হেৰুৱালে। অৱশ্যে শেহতীয়াকৈ শাম কাটিছে ৰাজ্যৰ এই বান পৰিস্থিতি।উল্লিখিত তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ১৯ খন জিলা বানৰ প্ৰভাৱত আছে।তথ্য অনুসৰি কাছাৰ, নগাঁও, শ্ৰীভূমি, হাইলাকান্দি, কামৰূপ, হোজাই, ডিব্ৰুগড়, বঙাইগাঁও, মৰিগাঁও, দৰং, গোলাঘাট, ধেমাজি, গোৱালপাৰা, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, যোৰহাট আৰু কামৰূপ (ম) জিলাৰ কিছু কিছু অঞ্চল এতিয়াও বানৰ কবলত আছে। এই জিলাকেইখনৰ ১২৯৬ খন গাঁও আৰু ৫৪টা ৰাজহ চক্ৰ বানৰ প্ৰভাৱৰ পৰা এতিয়াও মুকলি হোৱা নাই। শুকুৰবাৰলৈকে ৰাজ্যত সৰ্বমুঠ ৩২৮টা সাহায্য শিবিৰ তথা সাহায্য বিতৰণ কেন্দ্ৰ পৰিচালিত হৈ আছে। আনহাতে ৪০,৩১৩ জন লোকে সম্প্ৰতি সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। ইফালে বানৰ প্ৰভাৱত ২৯৬৭৬৫টা পশুধন ক্ষতিগ্ৰস্ত হোৱা বুলি তথ্য প্ৰকাশ কৰা হৈছে।
