অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে ৷ বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰীভূমি জিলা ৷অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত সোমবাৰে নিশা প্ৰকাশ কৰা হয় এই তথ্য ৷ কিছুদিন পূৰ্বে গুৱাহাটীত ভূমিস্খলন হৈ ৫ জন লোকৰ মৃত্যু হৈছিল ৷ ইয়াৰ লগতে অসমত প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে ৷ইফালে বানত ৮৪ টা জীৱ-জন্তু মৃত্যু হোৱাৰ বিপৰীতে ৪৬৭৮৫১ জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু ১২৬১০.২৭ হেক্টৰ কৃষি ভূমি বানত নষ্ট হৈছে ৷প্ৰকাশিত তথ্য অনুসৰি নিমাতীঘাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ নদী, খোৱাঙত চেনিমাৰীত বুঢ়ীদিহিং, নুমলীগড়ত ধনশিৰি, কামপুৰ, ধৰমতুলত কপিলী আৰু ছোটা বেকৰা, ফুলাৰতাল, এ পি ঘাট আৰু বি পি ঘাটত বৰাক নদী আৰু শ্ৰীভূমিত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত প্ৰকাশ কৰা অনুসৰি ২২খন জিলাৰ ৬৫টা ৰাজহ চক্ৰৰ ১,২৫৪খন গাঁৱৰ ৫,১৫,০৩৯জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰীভূমি জিলা (১৯৪১৭২ জন লোক আক্ৰান্ত) ৷ ইয়াৰ উপৰি বানৰ ক্ষতিগ্ৰস্ত আন আন জিলাসমূহ হৈছে কাছাৰ (৭৭,৯৬১ জন), নগাঁও (৬৭,৮৮০), লখিমপুৰ (৪৭,১২৭ জন), হাইলাকান্দি (৩০,২৩৪ জন), ডিব্ৰুগড় (২০,১৭৯ জন), আৰু তিনিচুকীয়া (১৯,২৮৯ জন) ।
