ৰাজ্যত অব্যাহত ড্রাগছবিৰোধী অভিযান: ২.৩৬ কুইণ্টল গাঞ্জাসহ তিনিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ

780

ড্রাগছ সৰবৰাহকাৰীৰ ট্রেনজিট পইণ্টত পৰিণত হোৱা গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্রাগছসহ বহুকেইগৰাকী সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ড্রাগ্ছৰ বিৰুদ্ধে নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ চমুকৈ এন চি বিয়েও অভিযান আৰম্ভ কৰিছে৷ এন চি বিয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি বাইহাটা চাৰিআলিত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে গ্রেপ্তাৰ কৰা সৰবৰাহকাৰীকেইটা ক্রমে মনীষ কুমাৰ সিং, গৌতম ৰায় আৰু চাহেব চাহানী৷ মণিপুৰৰ সেনাপতি জিলাৰ পৰা এইচ আৰ–৫৫ কে–৫৫৫০ নম্বৰৰ ট্রাকখনত ধৃত সৰবৰাহকাৰীকেইটাই বৃহৎ পৰিমাণৰ গাঞ্জা বিহাৰলৈ সৰবৰাহৰ চেষ্টা চলাইছিল৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ২৪ লাখ টকা৷ ঘটনা সন্দর্ভত এন চি বিয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।