ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

116

ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক লগত লৈ আজি কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বৈঠক।ৰাজ্যখনত চলি থকা ড্ৰাগছ বিৰোধী অভিযান, ধৰ্ষণ-হত্যাৰ ঘটনা বৃদ্ধি আদি বিষয় বৈঠকত পৰ্যালোচনা।বৈঠকত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ লগতে ক’ভিডসৃষ্ট পৰিস্থিতিত গ্ৰহণ কৰিবলগীয়া ভূমিকাৰ বিষয়েও আলোচনা হয়।আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এনে বৈঠক।

উল্লেখযোগ্য যে,বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰপ্ৰাপ্ত বিষয়াসকলক কেইবাটাও নিৰ্দেশ দিয়ে। দুবছৰৰ মূৰে মূৰে অ’চি সকলক বদলিকৰণ, এই বদলিকৰণত মুখ্যমন্ত্ৰীৰ কোনো নিয়ন্ত্ৰণ নাথাকিব। য’ত আৰক্ষী থাকিব তাত কোনো অপৰাধ নাথাকিব। গাড়ী ধৰি দুয়োটা পাৰ্টি মিলি তয়ো খা মইও খা এইবোৰ নচলিব। সোণ আহিছে, সোণখিনি দুভাগ কৰা অ’চিৰ কাম নহয়৷ মাল খানাত কি কি আছে সকলো ৰেজিষ্টাৰ হব লাগিব।আধা খাই দিলে নহব৷ জুৱা খেল আৰক্ষীৰ অনুমতি অবিহনে নচলে। ধৰ্ষণ গোচৰৰ চাৰ্জচীট শীঘ্ৰে দাখিল কৰিব লাগিব। আৰক্ষীয়ে উংকোচ লোৱা বন্ধ কৰক। ৰাজ্যত গৰু চোৰাং বেহা বন্ধ কৰিবলৈ নিৰ্দেশ। গৰু চোৰ দেখিলেই খেদি খেদি পিটন দিবলৈ নিৰ্দেশ।