নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ হৈ পৰে খনাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৰাজ্য চৰকাৰে ঘোষণা কৰা “গ্ৰন্থ-বৰ্ষ”ৰে সংগতি ৰাখি যৌথভাৱে অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী । প্ৰথমটো দেওবাৰ কিতাপৰ সান্নিধ্যত কটাই স্মৃতিমধুৰ কৰিবলৈ মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা শীত নেওচি আহি গ্ৰন্থমেলাত সমৱেত হয় লেখক-পাঠক, শিক্ষক-শিক্ষাৰ্থী তথা পুথিপ্ৰেমী ৰাইজ ৷ সন্ধিয়াৰ ভাগত লোকাৰণ্য হৈ পৰে গ্ৰন্থমেলাৰ বাকৰি ৷ পুৱা গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰ মুকলি হোৱাৰে পৰা নিশালৈ অব্যাহত জনস্ৰোতে খানাপাৰা বাকৰিত দলদোপ হেন্দোলদোপ পৰিৱেশ সৃষ্টি কৰে৷
উল্লেখ্য যে অসম গ্ৰন্থমেলা, গুৱাহাটীত যোৱা ২৪ ডিচেম্বৰৰ পৰা দেওবাৰলৈ ১২ দিনত প্ৰায় ৬ কোটি ৩০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তা সকলে ৷ ইপিনে দেওবাৰে অনুষ্ঠিত কৰা “শিশুৰ দিন”ৰ দ্বিতীয় পৰ্বত কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাই আকৰ্ষণীয় কৰি তোলে অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট কবি-আবৃত্তিকাৰ, স্তম্ভ লেখক তথা গুৱাহাটী মহানৰৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় —“ প্ৰতিটো শিশুৱে স্বকীয় প্ৰতিভালৈ এই পৃথিৱীলৈ আহে ৷ গ্ৰন্থমেলাত শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে এটা দিন “শিশুৰ দিন” হিচাপে উদযাপন কৰাটো আনন্দৰ কথা৷ শিশু সকলেই দেশৰ ভৱিষ্যত৷”
তেওঁ অভিভাৱক আৰু শিশু-কিশোৰসকলক উদ্দেশ্যি কয় যে মোবাইলৰ প্ৰতি নিয়ন্ত্ৰণহীন আসক্তিৰ গ্ৰাসত পৰাৰ পৰিৱৰ্তে কিতাপ পঢ়াৰ অভ্যাস সৰু কালিৰে পৰা গঢ়ি তোলা উচিত ৷ পাঠ্যপুথিৰ লগতে অন্য ভাল আৰু দৰকাৰী কিতাপ দিনে অন্ততঃ দহ মিনিটকৈ পঢ়া উচিত ৷ এই পঠন অভ্যাসে ভবিষ্যতে গভীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিব ৷ অসম গ্ৰন্থমেলাৰ এই অনুষ্ঠানে শিশুসকলক উৎসাহ যোগাব বুলি উল্লেখ কৰি তেওঁ অভিভাৱক তথা শিক্ষক সমাজক শিশুসকলক মুকলিমূৰীয়া আনন্দদায়ক পৰিৱেশত প্ৰতিভাৰ বিকাশৰ বাট মুকলি কৰি দিবলৈ আহ্বান জনায়৷
