Assam Assembly Election 2021 : ৰকিবুলে হাতীৰ পিঠিত উঠে, আৰ পি শৰ্মাই ঘোঁৰাৰ পিঠিত উঠে, ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হ’বলৈ উঠিছে আজমলৰ পিঠিত’

61

(Jitu Goswami)ৰ হৈ প্ৰচাৰ চলাবলৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বঢ়মপুৰৰ ৰাজহুৱা খেল পথাৰত সম্বোধন কৰিলে এখন বিশাল জনসভা। প্ৰায় আঠ সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ সমাগম ঘটা সভাখনলৈ হেলিকপ্টাৰযোগে আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায় কংগ্ৰেছ (Congress) দলৰ লগতে মহাজোঁটবন্ধনৰ অন্যতম অংশীদাৰ এআইইউডিএফ দলক।

সভাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ‘‘কংগ্ৰেছত ভোট দিলে বদৰুদ্দিন আজমল (‍Badruddin Ajmal)ক দিশপুৰৰ দুৱাৰ খুলি দিয়া হ’ব। আকৌ যদি আমি আজমলৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে তেন্তে জাতিয়ে আমাক কেতিয়াও ক্ষমা নকৰিব।’’

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন – ‘‘মহিলা বাচ্ছা জন্ম দিয়া মেচিন নেকি? আজমলে কোৱাৰ দৰে মহিলাই শিশু জন্ম দি যাব আৰু আজমল মুখ্যমন্ত্ৰী হ’ব!’’

ৰকিবুলে হাতীৰ পিঠিত উঠে, আৰ পি শৰ্মা ঘোঁৰাৰ পিঠিত উঠে আৰু ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হ’বলৈ আজমলৰ পিঠিত উঠিছে বুলি কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখযোগ্য যে, সভাখনৰ মাজতে ঘটিলে আন কেইবাটাও আমোদজনক ঘটনা। আৰক্ষীয়ে সুনিশ্চিত কৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বাবে একাংশই ত্যাগ কৰিব লগীয়া হ’ল নিত্য ব্যৱহৃত হেঁপাহৰ সামগ্ৰীবিধ। সভাৰ প্ৰৱেশদ্বাৰতে বহু সংখ্যক ভক্তই থৈ যাবলগীয়া চাধাৰ টেমা। কেৱল চাধাৰ টেমাই নহয়, পানীৰ বটল তথা ক’লা কাপোৰ লৈ কোনো লোক যাতে সভাথলীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিলে আৰক্ষীয়ে।

আনফালে, সভালৈ অহা আন একাংশই আকৌ ক্ষোভ উজাৰিলে বিশেষ কথাৰ বাবে। একাংশ লোকক বিশ্বৰ ভিতৰতে সৰ্বোচ্চ ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰাবলৈ আনিম বুলি হিমন্তৰ সভালৈ অনাৰ অভিযোগ উত্থাপন কৰিলে কেমেৰাৰ সন্মুখত।