বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ মোকাবিলা কৰা আৰু সংৰক্ষণ দৃষ্টিভংগী গঢ়ি তোলাৰ উদ্দেশ্যে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অসমৰ বন বিভাগৰ সহযোগত গিবন সংৰক্ষণ বিষয়ক এলানি বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে।
“দ্য হেবিটেটছ ট্ৰাষ্ট” আৰু “আই ইউ চি এন প্ৰাইমেট স্পেছিয়েলিষ্ট গ্ৰুপ”ৰ সমৰ্থনত অনুষ্ঠিত কৰা সপ্তাহযোৰা এই আবাসিক পাঠ্যক্ৰমত সন্মুখত থাকি কাম কৰা বনকৰ্মী সকলক গিবন সংৰক্ষণ সম্পৰ্কীয় অত্যাৱ্শ্যকীয় দক্ষতা আৰু জ্ঞানেৰে সমৃদ্ধ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।
মৰিয়নিৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ গিবন সংৰক্ষণ কেন্দ্ৰত অনুষ্ঠিত গিবন সংৰক্ষণ সম্পৰ্কীয় সাদিনীয়া আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ ডুমডুমা, ডিগবৈ, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট বন সংমণ্ডল আৰু অৰুণাচল প্ৰদেশৰ মেহাও বন্যপ্ৰাণী অভয়াৰণ্য আৰু কামলাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ছগৰাকী মহিলাকে ধৰি মুঠ ২০ বনকৰ্মীয়ে অংশগ্ৰহণ কৰে।