নিৰ্বাচন চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতি গৰম হৈ পৰিছে । অভিযোগ-প্ৰতিঅভিযোগৰ ৰাজনীতিয়ে সম্প্ৰতি অসমক উত্তাল কৰি ৰাখিছে ।মঙলদৈ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্যও ৰাজহুৱা কৰিছে । কিন্তু মুখ্যমন্ত্ৰী তথা বিজেপিৰ এই স্থিতিৰ মাজতো গৌৰৱ গগৈয়ে কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা অব্যাহত ৰাখিছে ।গৌৰৱ গগৈয়ে ক’লে, “মুখ্যমন্ত্ৰীৰ সংবাদমেল একেখিনি কথা তেওঁ ১০ ছেপ্টেম্বৰৰ আগতেও কৈ আছিল । ১০ ছেপ্টেম্বৰত তেওঁ তেওঁ ৰিপ’ৰ্ট মুকলি নকৰিলে । ৬ মাহ শুই থাকিলে কিয় ? যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগ । তেওঁ নিজেই জানে যে তেওঁ কিমান মিছলীয়া, স্থিতি কিমান দুৰ্বল । দিল্লীৰ পৰা সাংবাদিক মাতি আনি ২.৩০ ঘণ্টা গোটেইখিনি কথা বুজাবলৈ চেষ্টা কৰিলে । সাংবাদিকসকলে ভিতৰৰ পৰা মোক মেছেজ দি আছে যে আপোনাৰ মুখ্যমন্ত্ৰী কিমান দুৰ্বল, কিমান নিলাজ আজিহে গম পাইছোঁ । এটাও তথ্য প্ৰমাণ হিচাপে দিব নোৱাৰিলে । তেওঁৰ সংবাদমেল মহা ফ্লপ । ছুপাৰ-ডুপাৰ ফ্লপ ।
