আৰৱ সাগৰ সাঁতুৰি গৃহভূমিত ৩ অসমকন্যা । শেহতীয়াকৈ মুম্বাইত বাহৰ পাতি অসমৰ ৩ সাঁতোৰবিদে অভিলেখ সৃষ্টি কৰিছে । তেওঁলোক হৈছে কিউচেংহান ফুকন, কংকিতা দাস আৰু গৰিয়সী চুতীয়া ।
ইয়াৰে ৭ বছৰীয়া কিউচেংহান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটতে এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈকে সাঁতুৰি সকলোকে আচৰিত কৰি তুলিছিল । ইয়াৰ দ্বাৰা আৰৱ সাগৰ সাঁতুৰি বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ হিচাপেও পৰিগণিত হৈছে কিউচেংহান ফুকন ।
