কাৰ্বি আংলঙৰ সংৰক্ষিত চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক বৃহৎ ঘোষণা কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম বংহাঙে জনোৱা অনুসৰি, জিলাখনৰ পি জি আৰ আৰু ভি জি আৰ ভূমিত থকা অবৈধ দখলকাৰীসকলৰ বিৰুদ্ধে আজিৰে পৰা উচ্ছেদৰ জাননী জাৰি কৰা হ’ব।এই জাননী লাভ কৰাৰ ১৫ দিনৰ ভিতৰত স্বেচ্ছাই ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে পৰিষদে কঠোৰ উচ্ছেদ অভিযান চলাব। যোৱা ২৬ ডিচেম্বৰত ৰাজ্য চৰকাৰ, পৰিষদ আৰু স্থানীয় আন্দোলনকাৰীৰ মাজত অনুষ্ঠিত হোৱা এক ত্ৰিপাক্ষিক বৈঠকৰ পাছতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
