মঙলবাৰে নিশা হঠাৎ বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হ’ল মন্ত্ৰী অতুল বৰা। তিনিমহলীয়া চিকিৎসালয়খনৰ প্ৰতিটো মহলা নিজে পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ পৰিদৰ্শন কৰিলে প্ৰতিটো বিভাগৰ কক্ষ ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীসকলৰ সৈতেও মত-বিনিময় কৰিলে বৰাই ৷ মন্ত্ৰীগৰাকীয়ে প্ৰৱেশ কৰে জৰুৰীকালিন সেৱা বিভাগত ৷ কিন্তু নিজৰ ৰক্তচাপ পৰীক্ষা কৰিব বিচাৰোতে লাগিল অথন্তৰ ৷ ইটোৰ পিছত সিটো যন্ত্ৰ লগাইছে,কিন্তু এটাও কাম কৰা নাই ৷ অৱশেষত তৃতীয়টো যন্ত্ৰত মন্ত্ৰীগৰাকীৰ ৰক্তচাপ ধৰা পৰিল ৷ এই সকলোবোৰ দেখি হতভম্ব হৈ পৰিল মন্ত্ৰী অতুল বৰা ৷ সাংবাদিকৰ সন্মুখতেই ৰক্তচাপ জোখা যন্ত্ৰসমূহ ঠিক কৰিবলৈ চিকিৎসকক নিৰ্দেশ দিলে মন্ত্ৰীগৰাকীয়ে ৷
