অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

8

অসম ভ্ৰমণলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। ১৪-১৬ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীলৈ ১৪ মার্চত অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। সদৌ বড়ো ছাত্র সন্থা (এবছু)ৰ বাৰ্ষিক সম্মিলনকে ধৰি বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

খবৰ অনুসৰি  ১৪ মার্চত যোৰহাটত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ১৫ মাৰ্চত তেওঁ দেৰগাঁৱত নতুনকৈ উন্নীত কৰা লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব। একেদিনাই তেওঁ মিজোৰামো ভ্ৰমণ কৰিব।

তেওঁ ১৬ মাৰ্চত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া সদৌ বড়ো ছাত্র সন্থাৰ ৫৭ সংখ্যক বার্ষিক অধিৱেশনৰ চূড়ান্ত অধিৱেশনত অংশগ্ৰহণ কৰিব। ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ কোকৰাঝাৰৰ বডোফা ফাওথাৰত অনুষ্ঠিত হ’ব এবছুৰ বাৰ্ষিক সম্মিলন।