এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ

339

এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় কাৰাটে দলত অসমৰ চাৰি গৰাকী খেলুৱৈৰ ভিতৰত বৰপেটাৰ দুগৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় দলটোত স্থান প্ৰাপ্ত কাৰাটে খেলুৱৈ চাৰি গৰাকী হৈছে – হেম্ফু বংজাং (গুৱাহাটী), জিয়ান চৌধুৰী (বৰপেটা), আৰু মহিলাৰ স্থান প্ৰাপ্ত খেলুৱৈ দুগৰাকী হৈছে হানী আলী(বৰপেটা) তথা কস্তুৰী কলিতা (যোৰহাট) ।

বৰপেটাৰ হানী আলী আৰু জিয়ান চৌধুৰীয়ে কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ তত্বাবধানত বৰপেটাৰ উকা কাৰাটে একাডেমীত প্ৰশিক্ষণ প্ৰাপ্ত খেলুৱৈ । উল্লেখযোগ্য যে হেম্ফু বংজাঙে ল’ৰাৰ ৬১ কেজি কুমিটে আৰু জুনিয়ৰ শাখাত কাটা ইভেন্ট’ত খেলিব ।

বিপৰীতে মহিলাৰ হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি কুমিটেত অংশগ্ৰহণ কৰিব । তেনেদৰে জিয়ান চৌধুৰীয়ে ল’ৰাৰ জুনিয়ৰ ৫৫ কেজিত আৰু কস্তুৰী কলিতাই মহিলাৰ ৬৬ কেজি কুমিটেত অৱতীৰ্ণ হ’ব বুলি জানিব পৰা গৈছে ।