মানৱ সেৱা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্বীকৃতিৰ ক্ষণে বিৰাজ কৰিছে বড়োভূমিত। উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টে ২০২৫ বৰ্ষৰ বাবে আগবঢ়োৱা ২২ সংখ্যক ‘উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা’ৰ বাবে নিৰ্বাচন কৰা হৈছে ভুটানৰ ৰাজমাতৃ গ্যালিয়াম আশ্বী দৰ্জী ৱাংচুকক। সমাজ কল্যাণ, গ্ৰামোন্নয়ন আৰু সাংস্কৃতিক সংৰক্ষণৰ দিশত ৰাজমাতৃগৰাকীয়ে পালন কৰা অনুকৰণীয় ভূমিকাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হ’ব।
উল্লেখযোগ্য যে, অহা ৩ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জহ্বলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশ ল’বলগীয়া এই অনুষ্ঠানত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীও বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। ২০০৪ চনৰ পৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিত প্ৰদান কৰি অহা এই বঁটাত ২ লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু বডোফাৰ এটি স্মাৰক অন্তৰ্ভুক্ত আছে।
ইফালে ভুটানৰ পিছপৰা আৰু দুৰ্গম অঞ্চলৰ লোকসকলৰ উত্তৰণৰ বাবে ৰাজমাতৃগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। ‘তাৰায়ণা ফাউণ্ডেশ্যন’ৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে তেওঁ দৰিদ্ৰতা নিৰ্মূলকৰণ, মহিলা সবলীকৰণ, শিক্ষা আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কাম কৰাৰ লগতে খিলঞ্জীয়া সংস্কৃতি ৰক্ষাতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। এগৰাকী প্ৰতিষ্ঠিত লেখিকা তথা সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপেও তেওঁৰ পৰিচয় আছে।
উল্লেখ্য যে, বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ মানৱতা, সম্প্ৰীতি আৰু সামাজিক ন্যায়ৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই সন্মান আগবঢ়োৱা হৈছে। জাতি, ধৰ্ম আৰু ভৌগোলিক সীমা অতিক্ৰমি মানৱতাৰ সেৱাত ব্ৰতী হোৱা ব্যক্তিসকলক যোৱা দুটা দশকত এই বঁটাৰে সন্মানিত কৰা হৈছে। ৰাজমাতৃৰ এই নিৰ্বাচনে বডোফাৰ মহান আদৰ্শৰ সাৰ্বজনীনতা পুনৰ এবাৰ প্ৰমাণিত কৰে।
