তিনিচুকীয়াত নতুন ডিলাৰশ্বিপৰ সৈতে এল চি ভি নেটৱৰ্কৰ সম্প্ৰসাৰণ অশোক লেলেণ্ডৰ

179

দেশৰ বাণিজ্যিক বাহন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান তথা হিন্দুজা গোটৰ ধ্বজাবাহী প্ৰতিষ্ঠান অশোক লেলেণ্ডে তিনিচুকীয়াত লঘু বাণিজ্যিক বাহন(এলচিভি)ৰ বাবে এটা নতুন ডিলাৰশ্বিপ মুকলি কৰিছে। এয়া হৈছে প্ৰতিষ্ঠানটোৰ অসমত চতুৰ্থটো এলচিভি ডিলাৰশ্বিপ, এই মুকলিৰ লগে লগে কোম্পানীৰ বিতৰণ নেটৱৰ্ক বৃদ্ধি হৈ এতিয়া সমগ্ৰ ভাৰতত ৭৫০ৰ ঘৰ অতিক্ৰম কৰিলে। ভাৰত মটৰ্ছৰ দ্বাৰা পৰিচালিত এই নতুন ডিলাৰশ্বিপ তিনিচুকীয়াৰ পানীতোলাৰ লোণপুৰিয়া বাইপাছত অৱস্থিত আৰু ইয়াত ৩এছ (চেলছ, চাৰ্ভিচ, এণ্ড স্পেয়াৰ)ৰ সুবিধা আছে। উন্নত সঁজুলি আৰু দ্ৰুত সেৱাৰ সকলো সোপানেৰে সজ্জিত এই ডিলাৰশ্বিপৰ জৰিয়তে উচ্চমানৰ গ্ৰাহক সেৱা আৰু সন্তুষ্টি প্ৰদান কৰা হ’ব। অশোক লেলেণ্ডৰ এল চি ভি প্ৰডাক্টৰ বিভিন্ন পৰিসৰ, বড়ো ডোষ্ট, ডোষ্ট, পাৰ্টনাৰ আৰু এমআইটিআৰেকে ধৰি সকলো সুবিধা এই স্থানত উপলব্ধ হ’ব।

অশোক লেলেণ্ডৰ আই অ’, এল চি ভি, ডিফেন্স এণ্ড পিএছবি বিভাগৰ অধ্যক্ষ অমনদীপ সিঙে ড’ষ্ট ৰেঞ্জৰ সফলতাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে, ইয়াৰ কাৰণ হৈছে এই প্ৰডাক্টসমূহৰ শক্তিশালী ৰূপ আৰু নেটৱৰ্কৰ বিস্তৃত প্ৰসাৰ। সিঙে কয় যে, গ্ৰাহকক সেৱা ধৰি ৰখাৰ ক্ষেত্ৰত আমাৰ সাফল্যৰ অভিলেখ সদায়ে আছে, প্ৰায় ৭০% গ্ৰাহকে ৱাৰেণ্টীৰ সময়ৰ পিছতো আমাৰ ৱৰ্কশ্বপলৈ পুনৰ সেৱাৰ বাবে উভতি আহে। নতুন ডিলাৰশ্বিপৰ জৰিয়তে গ্ৰাহক সেৱা বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এই নতুন ডিলাৰশ্বিপৰ জৰিয়তে তিনিচুকীয়াৰ বজাৰখন যথেষ্ট লাভৱান হ’ব। ব্যস্ত বাণিজ্য আৰু পৰিবহণ সেৱাৰ বাবে পৰিচিত অশোক লেলেণ্ডৰ এলচিভিৰ উপলব্ধতাই স্থানীয় ব্যৱসায়ীসকলক নিৰ্ভৰযোগ্য আৰু কাৰ্যক্ষম পৰিবহণ সমাধান প্ৰদান কৰিব। ডিলাৰশ্বিপৰ কৌশলগত অৱস্থানে নিশ্চিত কৰে যে তিনিচুকীয়া আৰু ইয়াৰ আশে-পাশে লজিষ্টিক কাৰ্য-কলাপে অশোক লেলেণ্ডৰ বাহনৰ উন্নত মানৰ মাইলেজ আৰু প্ৰদৰ্শনৰ লাভ আদায় কৰিব পাৰে, যিয়ে লাভজনকতা আৰু পৰিচালনাৰ দক্ষতা বৃদ্ধিত অৰিহণা যোগায়। অশোক লেলেণ্ডে প্ৰতিযোগিতামূলক ব্যয়ত অত্যাধুনিক প্ৰযুক্তি প্ৰদান কৰি ভাৰতীয় এলচিভি গ্ৰাহকৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। এক শক্তিশালী এলচিভি প্লেটফৰ্মত প্ৰস্তুত কৰা এই ডিলাৰক বিএডিএ ডিঅ’এছটি আৰু বহুমুখী ডোষ্ট ৰেঞ্জ বিভিন্ন বজাৰ খণ্ডৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হৈছে।