সপোন যেন লগা বৰষুণে পশ্চিম গুৱাহাটীৰ কৃষকৰ মুখলৈ আনিছে হাঁহি; বৰো ধানৰ খেতি কৰা কৃষকলৈ সকাহ

12

দীর্ঘদিন ধৰি অব্যাহত থকা অনাবৃষ্টিৰ পিছত ফাগুনৰ শেষত হোৱা বৰষুণে  ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ  বৰো ধানৰ খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। একেৰাহে বহু মাহ ধৰি বৰষুণ নোহোৱাৰ ফলত পানীৰ অভাৱত  বৰো ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলিছে।  বৰো ধান খেতিত ব্যস্ত আজাৰা ৰাজহ চক্ৰৰ বিভিন্ন ঠাইৰ চহা কৃষক সকল চিন্তিত হৈ পৰিছিল। এই সন্দৰ্ভত বৰো ধানৰ খেতি কৰি অহা দীপৰ বিলৰ সমীপৰ দেউচতালৰ উদীয়মান কৃষক তথা বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপী, পাটগাঁৱৰ ৰাজেশ বড়োকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ধাননি পথাৰত দেখা দিয়া পানীৰ অভাৱে কৃষকসকলক চিন্তিত কৰি পেলাইছিল। 

কৃষকে পথাৰত কপালৰ ঘাম মাটিত পেলাই ৰোপণ কৰা বৰো ধানত পানীৰ অভাৱ হোৱাত খেতি পথাৰত ফাঁট মেলিবলৈ লৈছিল। এনে অৱস্থাত বিগত হোলী উৎসৱৰ সময়ত  হোৱা বৰষুণে জীপাল কৰি তুলিছে বৰো ধানৰ খেতি। পলমকৈ হ’লেও ধৰালৈ বৰষুণ নামি অহাত কৃষকক মুখত হাঁহি বিৰিঙাইছে। ইফালে পশ্চিম গুৱাহাটীৰ অন্যতম কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিতো বৰষুণে তাত কৃষি কৰ্ম কৰি অহা চাৰি শতাধিক কৃষকৰ মুখলৈ হাঁহি আনিছে।

এই সন্দৰ্ভত ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে পলমকৈ হলেও অহা বৰষুণে ৰাণী চাপৰিত  কবি, শাক – পাচলি, বেঙেনা, বিলাহী, লাউ আদিৰ খেতি কৰা কৃষক সকলক বহুখিনী সকাহ দিছে। যাৰ বাবে বৰুণ দেৱতাক শুভেচ্ছা জ্ঞাপন কৰি পুনৰ যাতে বৰষুণ হয় তাৰ কামনা কৰিছে চহা খেতিয়কে।